সমগ্ৰ মুম্বাইতে কণ্ডমৰ অৰ্ডাৰ আটাইতকৈ বেছি! হয়, এয়া কোনো উৰাবাতৰি নহয়। বৰঞ্চ ছুইগিয়ে (Swiggy) কৰা নতুন সমীক্ষাৰ তথ্যই সমগ্ৰ চহৰখনকে এক চৰ্চাত ৰাখিছে।
শেহতীয়াকৈ ছুইগিয়ে তেওঁলোকৰ গেলামালৰ অৰ্ডাৰ কৰা এপ ইনষ্টামাৰ্টৰ ডেলিভাৰী ৰেকৰ্ডৰ ভিত্তিত এক অধ্যয়ন চলাইছে। মূলতঃ মুম্বাই, দিল্লী, হায়দৰাবাদ, চেন্নাইত বিক্ৰীৰ ওপৰত ভিত্তি কৰি ছুইগিয়ে এই সমীক্ষা চলাইছিল।
ছুইগিৰ এই সমীক্ষাৰ তথ্য অনুসৰি যোৱা এটা বছৰত কণ্ডমৰ সৰ্বাধিক অৰ্ডাৰ হৈছে মুম্বাইত। হিচাপ অনুসৰি যোৱা বছৰৰ তুলনাত মুম্বাইত ৫৭০ গুণ বেছি কণ্ডম অৰ্ডাৰ কৰা হৈছে। আনহাতে, আন চহৰখনত চেনিটেৰী নেপকিনৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰো অৰ্ডাৰ পূৰ্বতকৈ বৃদ্ধি পাইছে।
লগতে এই সমীক্ষাৰ পৰা পোৱা তথ্য অনুসৰি যোৱা বছৰ এপ্ৰিলৰ পৰা জুনলৈকে এই চহৰবোৰত ৪২ শতাংশ আইচক্ৰীমৰ অৰ্ডাৰ কৰা হৈছিল। অৰ্ডাৰ লিষ্টত পৰৱৰ্তী স্থানত আছে কণী।
প্ৰসংগক্ৰমে ১১ ডিচেম্বৰত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে গাইডলাইন জাৰি কৰিছিল, য’ত কোৱা হৈছে যে পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ কোনো টেলিভিছন চেনেলত কণ্ডমৰ কোনো বিজ্ঞাপন প্ৰচাৰ কৰিব নোৱাৰিব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এনে বিজ্ঞাপনত ‘অশ্লীল আৰু অনুপযুক্ত’ বিষয়বস্তু দাঙি ধৰাৰ দোহাই দি এই সময়ত ইয়াৰ প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছে।