“হু ইজ ভূপেন বৰা? হু ইজ জীতেন্দ্ৰ সিং?” ধুবুৰীত বদৰুদ্দিন আজমল

0 min read

“আমাৰ এটাই উদ্দেশ্য। আমি বিজেপিক অসমৰ পৰা বিদায় দিব লাগে; বাকী ভাৰতবৰ্ষত কি হৈ আছে আমি নাজানোঁ। যদি কংগ্ৰেছে বিদায় কৰিব লাগে কয় তেতিয়া সকলোৱে এক হৈ যাব। ন’হলে সকলোৱে বেলেগ বেলেগ হৈ থাকিব; বিজেপিক ৱাক অ’ভাৰ দিব।” এই ভাষ্য ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ দলৰ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ। আজি ধুবুৰীৰ নিউ মাৰ্কেটস্থিত গৃহত আয়োজিত এক সংবাদমেলত কংগ্ৰেছৰে মিত্ৰতাৰ বিষয়টো লৈ শুধা এক প্ৰশ্নৰ উত্তৰত এইদৰে কয় স্থানীয় সাংসদ গৰাকীয়ে। ল’গতে কংগ্ৰেছে এই বিষয়টো লৈ “চিৰিয়াচ” নহয় বুলিও মন্তব্য কৰে তেওঁ। তেখেতৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, “আমাৰ সিদ্ধান্ত কেন্দ্ৰীয় পৰ্য্যায়ত হ’ব; কংগ্ৰেছী ইয়াৰ – এওঁলোকৰ ল’গত আমাৰ কোনো সিদ্ধান্ত নহয়।” “ভূপেন বৰাৰ মগজ নাই” বুলিও কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীক কটাক্ষ কৰি আজমলৰ বিষ্ফোৰক মন্তব্য, “জীতেন্দৰ সিঙে যোৱাবাৰ আহি ৰাজ্যসভা নিৰ্বাচনত, সভাপতিৰ নিৰ্বাচন ডাঙৰ ডাঙৰ পইচাৰ টোপোলা লৈ সকলো বিক্ৰী কৰি দিলে।” ল’গতে তেওঁ আৰু কয় যে, ” হু ইজ ভূপেন বৰা? হু ইজ জীতেন্দৰ সিং? এওঁলোক ৰাজনীতিবিদ নহয়। কেবল পয়চাৰ টোপোলা লৈ কংগ্ৰেছ দলক বিক্ৰী কৰি আছে।” আনহাতে ৰাজ্যৰ চাৰিখনকৈ জিলা বিলুপ্ত কৰাৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি সাংসদগৰাকীয়ে এয়া ঠিক হোৱা নাই বুলি মন্তব্য কৰে আৰু সেই সিদ্ধান্ত উভতাই লোৱাৰ দাবী জনায়। আনহাতে অহা ২৬ জানুৱাৰীৰ দিনা পৃথক কমতাপুৰ ৰাজ্যৰ বিষয়টো লৈ চুক্তি স্বাক্ষৰিত হ’ব বুলি চলি থকা সাম্প্ৰতিক সেই চৰ্চাৰ ওপৰত প্ৰতিক্ৰিয়া বিচাৰি কৰা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত “মোৰ হিচাপত অবাস্তব কথা” বুলি মন্তব্য কৰি তেওঁ কয় যে, “হ’ব পাৰে কোনো এটা অংশৰ বাবে কিবা তেওঁলোকে দিব পাৰে। কিন্তু ডাঙৰ কিবা থাকিলে গৃহ মন্ত্ৰালয়ৰ যিকোনো সিদ্ধান্তৰ সকলো আজিকালি ইণ্টাৰনেটত আহি যায়। সেই ধৰণৰ একো হোৱা নাই। ” আনহাতে ধুবুৰী লোকসভা সমষ্টিত পুনৰ বিজয়ী হ’ব বুলি দাবী কৰে আজমলে। ল’গতে তেওঁৰ ভাষ্য, “বিজেপি, কংগ্ৰেছ আৰু অগপই একেল’গ হৈ মোৰ বিৰূদ্ধে প্ৰাৰ্থী থিয় কৰাব বুলি প্ৰচাৰ চলি আছে। মই স্বাগতম জনাইছোঁ। তেওঁলোকে যদি ভাল কাম কৰি থাকে ৰাইজে সিদ্ধান্ত ল’ব। মই যদি কিছু কাম কৰি থাকোঁ; এআইইউডিএফে কৰি থাকে ৰাইজেই ব্যৱস্থা কৰিব।” উল্লেখ্য যে, আজি পুৱা দক্ষিণ শালমাৰাৰৰ পৰা বৰলুইতেৰে আহি আজি পুৱা ধুবুৰীৰ কাছাৰিহাটত উপস্থিত হোৱা সাংসদগৰাকীক দেখা যায় গৰম চাহৰ সোৱাদ লৈ লৈ কণমানি শিশু এটি সৈতে ধেমালিৰ’ত অৱস্থাত; আনকি এজন যুৱকৰ সৈতে চেল্ফিও তুলাও দেখা যায় তেওঁক।

You May Also Like

More From Author