সময় এতিয়া তথ্য প্ৰযুক্তিসৰ্বস্ব ৷ হাতত থকা মোবাইলটোতে দ্ৰুত আৰু ক্ষিপ্ৰতাৰে সকলো কৰিব পৰাৰ সময় এয়া ৷ গেৰুৱা দল বিজেপিৰ বাবেও আহি থকা ২০২৪ৰ নিৰ্বাচন হ’ব তথ্য-প্ৰযুক্তিৰ সফল প্ৰয়োগ ৷
হয়তো বিজেপিৰ লক্ষ্য এতিয়া আপোনাৰ হাতৰ মোবাইল ফোনটো ৷ তথ্য-প্ৰযুক্তিৰ সফল প্ৰয়োগৰ মন্ত্ৰণালৈ সাজু হৈছে এতিয়া গেৰুৱা বাহিনী বিজেপি ৷ ইয়াৰ মাজতে বিজেপিৰ হুংকাৰ, বিজেপিক নালাগে মুছলমানৰ ভোট ৷ পিছে কোনবোৰ মুছলমানৰ ভোট নালাগে বিজেপিক?
সেয়াও স্পষ্ট কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই, “আমাক মুছলমানৰ ভোট নালাগে ৷ যি শক্তিয়ে আমাৰ বাই-ভনীক চোঁচোৰাই নি ধৰ্ষণ কৰিব পাৰে, সেই শক্তিৰ ভোট আমাক নালাগে ৷ আমাৰ সনাতনী সংস্কৃতিলৈ ভাবুকি অনা মুছলমানখিনিৰ ভোট আমাক নালাগে ৷ আমাৰ লগত খিলঞ্জীয়া মুছলমান আছে ৷ খিলঞ্জীয়া মুছলমান সনাতনী হিন্দুৰ শত্ৰু নহয় ৷ আমাক যিখিনিৰ ভোট নালাগে আমি সেইখিনি মানুহৰো কাষ চাপিম ৷ সব কা সাথ সব কা বিকাশ যি নীতি মোদী ডাঙৰীয়াৰ সেই নীতি সফল আমি কৰি গৈ থাকিম৷ সম্পৰ্ক ৰাখি চলিম, কিন্তু মুছলমানৰ ভোট আমাক নালাগে ৷”
মুছলমানক টাৰ্গেট কৰা বিজেপিৰ বাবে এয়া নতুন কথা নহয় ৷ নিৰ্বাচন আহিলেই আহে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি৷ এই বিষয়ত সিদ্ধহস্তও গেৰুৱা বাহিনী ৷ হিন্দু-মুছলমানৰ যুঁজখনো হয়তো বিজেপিয়ে এইবাৰ তথ্য-প্ৰযুক্তিৰে ভালকৈ খেলিব ৷ সেয়ে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পিছতে প্ৰতিখন ৰাজ্যৰ বিজেপিক দিয়া হৈছে ডাটা মেনেজমেণ্ট এণ্ড লেভাৰেজ ৱৰ্কশ্বপৰ দায়িত্ব ৷
ৰাষ্ট্ৰীয় নেতৃত্বৰ মতেই তথ্য সম্পাদনা আৰু তথ্যৰ সফল প্ৰয়োগক লৈ আগ্ৰাসী গেৰুৱা বাহিনীয়ে চলাইছে প্ৰস্তুতি ৷ শনিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৪০খন সাংগঠনিক জিলাৰ প্ৰতিনিধিৰে সম্পন্ন হৈছে এনে এক ডিজিটেল কৰ্মশালা ৷ ৰাষ্ট্ৰীয় নেতৃত্বৰ আহ্বানত ২০২৪ৰ নিৰ্বাচন পৰ্যন্ত শক্তিশালী সংগঠনৰ বাবে তথ্য প্ৰযুক্তিৰ বহুল প্ৰয়োগ কৰিব গেৰুৱা দলটোৱে ৷ প্ৰত্যেক ব্যক্তিৰ হাতৰ মোবাইলটোৰ জৰিয়তে ব্যক্তিজনৰ কাষ চাপিব বিজেপি ৷
প্ৰতিটো বুথতে হ’ব একোটা হোৱাটছ্এপ গ্ৰুপ অৰ্থাৎ দলটোৰ অসমত থকা ২৮০০০ বুথতে হ’ব একোটাকৈ গ্ৰুপ ৷ বুথ শক্তিশালী কৰিবলৈ বিজেপিয়ে প্ৰতি তিনি মাহত লৈছে একোখন কেলেণ্ডাৰ ৷ কোৱাৰ্টাৰলী একোখন কেলেণ্ডাৰৰ ওপৰত চলিব সাংগঠনিক বিস্তাৰৰ কাম, যাৰ ভিত্তিত ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ প্ৰথমখন কেলেণ্ডাৰত বুথৰ শক্তি প্ৰতিবেদন আকাৰে দিব লাগিব ৰাষ্ট্ৰীয় নেতৃত্বক ৷
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ দাবী ২০২৪ত নহ’লেও ২০২৯ৰ নিৰ্বাচনত নাথাকিব কোনো হৰ্ডিং, বেনাৰ, প’ষ্টাৰ ৷ ডিজিটেলী হ’ব সকলো ৷ সদস্যভৰ্তিৰ বাবেও ‘সৰল এপছ’ৰ যোগেদি আৰম্ভ কৰিছে বিজেপিয়ে দেশজুৰি কাম ৷ অসমত ২৪ জানুৱাৰীত মৰিগাঁৱত কাৰ্যনিৰ্বাহকৰ বৈঠকতো বিজেপিয়ে ডিজিটেলী একো একোটা মোবাইলক টাৰ্গেট কৰি বিভিন্ন আঁচনিৰ ৰূপায়ণৰ বাৰ্তা আদি লৈ যাব বিচাৰিছে ৷ বুথসমূহক তথ্য প্ৰযুক্তিৰে শক্তিশালী কৰি এখন বৃহৎ ৰাজনৈতিক ডিজিটেল যুদ্ধৰ বাবে প্ৰস্তুত কৰিছে দলটোৱে ৷ ৭৮২০০-৭৮২০০ এই নম্বৰ মুকলি কৰি মিছড কলৰ যোগেদি সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে দলটোৱে ৷ পিছে ২০২৯ত মুছলমানৰ ভোটক লৈ বিজেপিৰ স্থিতি একে থাকিবনে নাথাকে তাৰো প্ৰমাণ অৱশ্যেই থাকি যাব ডিজিটেল লাইব্ৰেৰীতে ৷