নিউজ ব্যুৰ’,নগাঁও,৫ জানুৱাৰী :–নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত শতিকা গৰকা ঐতিহ্য আৰু পৰম্পৰাৰে অনুষ্ঠিত হৈ অহা সদৌ নগাঁও ভোগালী বিহু উৎসৱে চলিত বৰ্ষত ১১০ বছৰত পদাৰ্পণ কৰিছে । সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিয়ে জনোৱা মতে অহা ১৪ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ বিস্তৃত তথা বৰ্ণাঢ্য কাৰ্যসূচীৰে নেহৰুবালিত অনুষ্ঠিত হ’ব ভোগালী বিহু । বিহু উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচীৰ উপৰি বিভিন্ন প্ৰতিযোগিতাৰ লগতে বিহু উৎসৱৰ বিশেষ আৰ্কষণ “অসম কুঁৱৰী” প্ৰতিযোগিতা । উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলৰ বয়সৰ সীমা নিম্নতম ১৪ বছৰ আৰু উৰ্ধতম ২৪ বছৰ বুলি উদ্যোক্তাসকলে জনাইছে । ইপিনে ১৬ জানুৱাৰীত হ’বলগীয়া প্ৰতিযোগিতাখনিৰ বাবে বিয়লি ৫ বজাৰ পূৰ্বে বিহুদল সমূহ বিহুস্থলীত উপস্থিত থাকিব লাগিব । সমিতিয়ে নিয়মানুৱৰ্তিতা আৰু নিৰ্ধাৰিত সময়ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । আনহাতে ভোগালী বিহুৰ কাৰ্যসূচীত পোন প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । নাট প্ৰতিযোগিতাখনি ১৭ আৰু ১৮ জানুৱাৰীত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব । বিহু উৎসৱৰ প্ৰতিযোগিতা সন্দৰ্ভত কিবা তথ্য জানিব বিচাৰিলে ৬০০০৪২৭৫৬৫, ৮৮২২০৮০৯২২ আৰু ৮৮১২০২২৫৮৯ ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও