আই লক্ষ্মীক সম্পদ, শান্তি আৰু সমৃদ্ধিৰ দেবী হিচাপে মনা যায়।বিশেষকৈ শুক্রবাৰৰ দিনটো দেবী লক্ষ্মীৰ প্রতি উৎসর্গীত আৰু মনা যায় যে শুক্রবাৰে দেবী লক্ষ্মীৰ পূজা কৰিলে অর্থ-ধন সংক্রান্তীয় সমস্যা দূৰ হয় বুলি। শুক্রবাৰৰ সন্ধ্যা দেবী লক্ষ্মীৰ উপাসনা বা পূজা কৰাটো সৰ্বোত্তম বুলি মনা যায়,এনে কৰিলে ঘৰত সুখ- সমৃদ্ধি বৃদ্ধি পায়, মত- ভেদ বা দুর্দশা নহয় আৰু ঘৰখনত নেতিবাচক শক্তি প্ৰভাবও পৰিব নোৱাৰে। যদি আপোনিও আৰ্থিক সংক্রান্তীয় সমস্যাযত পৰিছে তেন্তে নিশ্চয় শুক্রবাৰে লক্ষ্মী আইৰ পূজা কৰক।লগতে ঘৰখন আন কেইটামান বিষয়টো বিশেষ ধৰনে যত্ন লোৱাটো উচিত।
শুক্ৰবাৰৰ সন্ধিয়া এই কেইটা কাম নিশ্চয় কৰিব লাগে
প্রতি সন্ধিয়া ঘৰৰ মন্দিৰত আপুনি নিশ্চয় পূজা অৰ্চনা কৰে কিন্তু শুক্রবাৰৰ সন্ধ্যা লক্ষ্মী আইৰ পূজা আৰু আৰতি কৰাৰ অন্তত আপিনাৰ ঘৰৰ মূল দোৱাৰত এগছি ঘিউৰ বন্তি জ্বলোৱাটো বিশেষ ফলদায়ক বুলি মনা যায়। এই ঘিউৰ বন্তিগছিত কপাহৰ পৰিবৰ্তে ৰঙা ৰঙৰ সুতা ব্যৱহাৰ কৰাটো অধিক ফলদায়ক বুলি মনা যায়।ইয়াৰ কাৰন হল যে আই লক্ষ্মীৰ ৰঙা ৰঙটো খোবেই প্ৰিয়।মনত ৰাখিব যে সূৰ্য্যঅস্তৰ পিছতহে এই বন্তি গছি জ্বলোৱা যায়।মান্যতা আছে যে শুক্রবাৰৰ সন্ধ্যা ঘৰৰ মূল দোৱাৰত ঘিউৰ বন্তি জ্বলালে আই লক্ষ্মী সন্তুষ্ট হয়, ঘৰত ইতিবাচক শক্তি বৃদ্ধি হয় আৰু সুখ শান্তিৰ, আনন্দেৰ এক পৰিবেশ গঢ়ি উঠে।
এই বিষয় সমূহৰ ওপৰটো গুৰুত্ব দিয়াটো প্ৰয়োজন
লক্ষ্মী আয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা ভাল পায়।যত আবৰ্জনা থাকে, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতু যত্ন লোৱা নহয়,সেই ঠাইত লক্ষ্মী আই কেতিয়াও বাস নকৰে।সেয়ে আপোনাৰ ঘৰ,কাৰ্যালয় তথা ব্যৱসায়িক প্ৰতিষ্ঠানত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষ যত্ন লওক।যতিয়া আপুনি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত যত্ন লব তেতিয়াহে আই লক্ষ্মী আপোনাৰ পূজাত প্ৰসন্ন হব।
আৰ্থিক উন্নতিৰ বাবে ঘৰত কেতিয়াও বিকল হৈ থকা ইলেকট্রনিক সা-সামগ্ৰী নাৰাখিব।পানীৰ টেপত পানী খোলা নাৰাখিব,আৰু যদিহে আপোনাৰ ঘৰৰ কোনো পানীৰ টেপ বিকল হৈ তাৰ পৰা পানী নিৰ্গত হৈ আছে তেন্তে অনতিপলমে তাক মেৰামতি কৰাওক। ঘৰৰ সকলো দোৱাৰতে তেল ব্যৱহাৰ কৰুব লাগে যাতে দোৱাৰ খোলাৰ সময়ত কোনো শব্দ নেহয়। এনে কৰিলে দোৱাৰেদি লক্ষ্মী আইৰ প্ৰবেশ হয় আৰু যদি দোৱাৰেদি শব্দ হয় তন্তে লক্ষ্মী আইৰ প্ৰবেশ বন্ধ হৈ পৰে।