গ্ৰীষ্মকালত ছালৰ সৌন্দৰ্য অক্ষুণ্ণ ৰাখিবলৈ বহুতৰ বাবে কষ্টকৰ হয়৷ যাৰ বাবে ছাল সজীৱ আৰু সতেজ কৰি ৰাখিবলৈ বিভিন্নজনে বিভিন্ন পন্থা অৱলম্বন কৰে৷ তদুপৰি গ্ৰীষ্মকালত ছাল ‘হাইড্ৰেট’ কৰি ৰখাটো বহুতৰে প্ৰত্যাহ্বান হৈ পৰে৷ প্ৰচণ্ড ৰ’দত ছালত ক’লা দাগৰ সৃষ্টি হোৱাৰ লগতে ছালত অন্যান্য সমস্যাই দেখা দিয়ে৷ এনে অৱস্থাত বডী স্ক্ৰাবিঙৰ প্ৰয়োজনীয়তা আহি পৰে৷ আজিৰ শিতানত গ্ৰীষ্মকালৰ ফল আৰু অন্যান্য সামগ্ৰীৰে ঘৰতে ‘ফেচপেক’ আৰু ‘স্ক্ৰাব’ তৈয়াৰ কৰিব পৰা উপায় উল্লেখ কৰা হ’ল–
[১] আমৰ ‘ফেচপেক’: গ্ৰীষ্মকালৰ সহজলভ্য ফল আম৷ আমৰ ‘পাল্প’ উলিয়াই তাৰ সৈতে ক’ল্ডক্ৰীম আৰু সামান্য গাখীৰৰ মিশ্ৰণ তৈয়াৰ কৰি লওক৷ এই মিশ্ৰণখিনি মুখমণ্ডলত লগাই ১৫ মিনিট পাছত ধুই পেলাওক৷ এনেদৰে কেইদিনমান কৰিলে ছালৰ সতেজতা বৃদ্ধি পায়৷
[২] তৰমুজৰ ‘ফেচপেক’: গ্ৰীষ্মকালত তৰমুজ খালে শৰীৰ ‘হাইড্ৰেট’ হৈ থাকে৷ তৰমুজৰ ‘ফেচপেক’ ছালৰ বাবে অত্যন্ত উপকাৰী৷ তৰমুজৰ পাল্পৰ সৈতে দৈ সানি মুখমণ্ডলত লগাব পাৰে৷ ১৫ বা ২০ মিনিট পাছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওক৷
[৩] নেমুৰ ‘ফেচপেক’: গৰমত নেমু আটাইতকৈ উপকাৰী৷ নেমুৰ ‘ফেচপেক’ ব্যৱহাৰ কৰিলে মুখ আৰু ছালৰ দাগ আঁতৰে৷ মৌৰ সৈতে নেমুৰ ৰস মিহলাই আধাঘণ্টা মুখমণ্ডলত সানি ৰাখক৷ পাছত পৰিষ্কাৰ পানীৰে ধুই পেলাওক৷
[৪] তিয়ঁহৰ ‘ফেচপেক’: তিয়ঁহত প্ৰচুৰ পৰিমাণে পানী থাকে৷ গৰমত ছাল ‘হাইড্ৰেট’ কৰি ৰখাৰ বাবে তিয়ঁহৰ ‘ফেচপেক’ ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে তিয়ঁহ বটি চেনি আৰু দৈৰ সৈতে মিহলাই লওক৷ কমেও ৩০ মিনিট সময় মিশ্ৰণখিনি মুখমণ্ডলত সানি ধুই পেলাওক৷ এই পদ্ধতি প্ৰয়োগ কৰিলে দেখিব কেইদিনমানৰ ভিতৰতে আপোনাৰ ছাল সতেজ হৈ পৰিছে৷
ঘৰতে ‘স্ক্ৰাব’ তৈয়াৰ কৰাৰ পদ্ধতিঃ
[১] ভেনিলা-লেভেণ্ডাৰ ‘স্ক্ৰাব’: ইয়াৰ বাবে দুইকাপ চেনি, একাপ গ্ৰেপ ছীড্ অইল, এচামুচ ভেনিলা এক্সট্ৰেক্ট আৰু বাৰ টোপাল লেভেণ্ডাৰ তেল মিহলাই এটা জাৰত ভৰাই ৰাখক৷ এসপ্তাহৰ পিছত এই মিশ্ৰণ ব্যৱহাৰ কৰক৷ সপ্তাহত কমেও দুবাৰ এই মিশ্ৰণ ব্যৱহাৰ কৰক৷
[২] চেনি আৰু অলিভ অইলৰ ‘স্ক্ৰাব’: আধা চামুচ চেনিৰ সৈতে অলিভ অইল মিহলাই এই ‘স্ক্ৰাব’ সহজেই তৈয়াৰ কৰি ল’ব পাৰি৷ গা ধোৱাৰ আগে আগে এই ‘স্ক্ৰাব’ ব্যৱহাৰ কৰক৷
[৩] কফী ‘স্ক্ৰাব’: গৰমত কফী ‘স্ক্ৰাব’ আটাইতকৈ উপকাৰী৷ ইয়াৰ বাবে কফী আৰু চেনি মিহলাই পেষ্ট বনাই লৈ অলিভ অইলৰ সৈতে দুটা বা তিনিটা ভিটামিন কেপচুলৰ গুড়ি মিহলাওক৷ এনেদৰে প্ৰস্তুত কৰা কফী স্ক্ৰাব নিতৌ ছালত প্ৰয়োগ কৰক৷