সেয়া ৰাম সীতা লক্ষ্মণৰ বনবাসৰ সময়ত।।
দশৰথ ৰজাৰ পিণ্ড দান কৰিবলৈ.. গয়াৰ এখন
নদীৰ পাৰত ৰাম সীতা লক্ষ্মণ.. উপস্থিত হল।।
পণ্ডিত জনে যি যি বস্তু লাগে কৈছিল..
সেই বস্তু কেইপদ আনিবলৈ লক্ষ্মণ গল।।
বহু সময় অতিবাহিত হৈছিল।। পণ্ডিত জনে সময় বেছি নাই কোৱাত.. শ্রী ৰামে লক্ষ্মণক বিচাৰি গল।
ইফালে পণ্ডিত জনে সময় মুৰা মুৰি কোৱাত..
সীতা দেৱীয়ে কলে.. মোৰ লগত যিখিনি বস্তু আছে.. সেইখিনিৰে আপুনি আৰম্ভ কৰক।।।
সকলো কাম শেষ হল।। নদীত বিৰ্সজন দি সেৱা কৰোঁতে আকাশ বাণী হল..
হে পুত্ৰী তোমাৰ পিণ্ড দান সফল হৈছে আৰু মই গ্ৰহণ কৰিছো।। সেয়া দশৰথ ৰজাৰ বাণী আছিল।।
লগতে সীতা দেৱীয়ে ভালকে জানিছিল যে..
প্ৰভূৱে সেই কথা বিশ্বাস নকৰিব.. সেয়ে তাত উপস্থিত থকা… তুলসী.. গায়ে.. পণ্ডিত.., নদী..
বট গছ.. লগতে বট গছৰ ডালত থকা কাউৰী জনীক সাক্ষী হিচাবে আছে বুলি কলে…
সিহঁতে শলাগ ললে..
সীতা দেৱীয়ে সম্পূৰ্ণ কথাখিনি-প্ৰভূ শ্ৰী ৰামচন্দ্ৰৰ আগত কলে..
ৰামচন্দ্ৰৰ বিশ্বাস নোহোৱা দেখি.. আপোনালোকে যি দেখিছে বা শুনিছে এতিয়া প্ৰভূৰ আগত কওক।। বাকীবোৰ ভয়তে একো কব নোৱাৰিলে
বট গছে সকলো কথা কলে. ।
তাকে দেখি সীতা দেৱীৰ খং উঠিল আৰু বাকীবোৰক শাও দিলে…
১/নদীক কলে=
তুমি নামত হে নদী হৈ থাকিবা.. পানী কেতিয়াও নভৰে।। (গয়াত অৱস্থিত ফালগু নদী যি.. আজিও শুকান)
২/তুলসীক কলে-(গয়াৰ মাটিত তুমি কেতিয়াও জন্ম নোহোৱা).
৩/গায়জনীক কলে={তোমাৰ সম্পূর্ণ পুজন নহব..
পাছ ফালে হে পূজনীয় হব}।
৪/পণ্ডিতজনক কলে=যিমান দান পালেও.. তোমাৰ মনৰ শান্তি নহব।।
৫/কাউৰীজনীক কলে=সদায় কাজিয়া লাগি হে..
খাব পাৰিবা…
৬/আৰু বট গছক আৰ্শীবাদ দি কলে-_
তুমি যত থাকিবা.. তাতে ভগৱানৰ বাসস্থান হব।
তুমি দীৰ্ঘ জীৱি হোৱা।(কথাখিনি সংগ্ৰহিত)