হাতত ধন ৰৈ নথকাৰ কাৰণ জানোঁ আহক

1 min read

যিসকল লোকৰ হাতত ধন সঞ্চয় নহয় সেইসকল লোকে এবাৰ এই লেখাটো ভালদৰে পঢ়ক ।
এবাৰ ভগবান শ্ৰী কৃষ্ণ আৰু অৰ্জুন এঠাইলৈ গৈ আছিল। তেতিয়া সন্মুখৰ পৰা এজন ভীক্ষাৰী আহিল আৰু কলে যে অৰ্জুন কিবা এটা দিয়া । অৰ্জুনে ভীক্ষাৰীজনক সোণ অলপ লৈ যাবলৈ দিলে। কিন্তু ৰাস্তাত ভীক্ষাৰী জনৰ পৰা চোৰে সোণ খিনি লুটি লৈ গল।
মানুহৰ হাতত যিমানেই ধন নাহক কিয় কিছুমান লোকে কিন্তু ধন সাঁচিব নোৱাৰে। এবাৰ টিভিৰ ৰিয়েলিটি অনুষ্ঠান ‘kaun banega crorepati’ ত এজন ব্যক্তিয়ে ৫ কোটি টকা জিকিছিল। সেই গৰিব লোকজনে ৫ কোটি পালে ঠিকেই কিন্তু বৰ্তমান তেওঁ ইমান টকাৰ মালিক হৈও আগৰ দৰেই হৈ আছে। তেওঁ নিজৰ জীৱন শৈলী সলনি কৰিব নোৱাৰিলে। তেওঁ যত ৰৈ আছিল আজিও তেওঁ তাতেই পৰি আছে। সকলো টকা তেওঁ ধংশ কৰি দিলে।
পইচা বেছিকৈ পোৱাটো ডাঙৰ কথা নহয় কিন্তু পইচা পোৱাৰ পাছত তাক কিদৰে সদব্যৱহাৰ কৰিব সেইটোহে ডাঙৰ কথা। আজি আপোনাৰ হাতত টকা নাথাকিব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় কিয়নো হয়তো অহাকালিলৈ আপোনাৰ হাতত বহুত টকা থাকিব পাৰে। কিন্তু টকা পোৱাৰ পাছত আপুনি টকা খিনি কত কিদৰে প্ৰয়োগ কৰিব সেইটোহে চিন্তনীয় বিষয়। সেই কুটিপতি মানুহজনে ভুল কামত তথা ভুল ঠাইত টকা খৰছ কৰাৰ ফলত তেওঁ লোকচানৰ সন্মুখীন হল।
টকা সকলোৰে হাতলৈ আহে। কোৱা হয় যে ঈশ্বৰে সুযোগ সকলোকে দিয়ে। তাৰ মাজতে কিছুমানে সেই সুযোগৰ সদব্যৱহাৰ কৰি লয় আৰু কিছুমানে তাৰ অসৎ ব্যৱহাৰ কৰে অৰ্থাৎ সেই সোণালী সুযোগ হেৰুৱাই দিয়ে। যিসকল লোকে সময়ক অৱহেলা কৰে তেওঁক সময়ে বাৰে বাৰে অৱহেলা কৰে। গতিকে সময়ক কেতিয়াও অৱহেলা নকৰিব। যোগ্য হৈ সকলোৰে সেৱা কৰিবলৈ শিকক। যদি আপুনি যোগ্য হৈ আনৰ সেৱাত ব্ৰতী হব নোৱাৰে তেন্তে ই ও সময়ক অৱহেলা কৰাই হয়।
অৰ্জুনে ভীক্ষাৰী জনক সোন দিলে আৰু ভীক্ষাৰী জনৰ পৰা চুৰে সকলো লুটি লৈ গল। তাৰ পাছত পুনৰ ভীক্ষাৰী জন অৰ্জুনৰ ওচৰলৈ গল আৰু অৰ্জুনে তেতিয়া এটা মূল্যবান মণি তেওঁক দিলে। যেতিয়া ভীক্ষাৰীজনে মনিটো পালে তেওঁ ভাবিলে যে মই এতিয়া ঘৰ সাজিম, ৰজাৰ দৰে থাকিম, ইটো কৰিম সেইটো কৰিম ইত্যাদিবোৰ কল্পনা কৰিলে। তেতিয়াই ভীক্ষাৰীজনৰ পিয়াহ লাগিল আৰু তেওঁ পিয়াহ পূৰাবলৈ সৰুবৰলৈ নামি গল আৰু তাতে মণিটো পৰি গল। বহুত চেষ্টা কৰাৰ পাছতো কিন্তু তেওঁ মণিটো বিচাৰি নাপালে। তেওঁ পুনৰ অৰ্জুনৰ ওচৰলৈ ভিক্ষা বিচাৰি গল। অৰ্জুনে কলে মই দুবাৰ দান কৰাৰ পাছতো তোমাৰ দৰিদ্ৰতা নগল ইয়াৰ অৰ্থ হৈছে যে তোমাৰ ভাগ্যত দৰিদ্ৰতাই আছে। তেতিয়া ভগবান শ্ৰীকৃষ্ণই মিচিকিয়াই কলে অৰ্জুন, তেওঁৰ ভাগ্যত দৰিদ্ৰতা নাই। তেতিয়া অৰ্জুনে কলে যে প্ৰভু মই তেওঁক দুবাৰকৈ বহুত ধন দি চেষ্টা কৰি চালোঁ , কিন্তু তেওঁৰ ভাগ্যত দৰিদ্ৰতা থকাৰ ফলত পইচা টিকিব নোৱাৰে তেওঁৰ হাতত। আমাৰ বহুতো মানুহৰ এইটো সমস্যা আছে যে টকা হাতলৈ আহে কিন্তু টিকি নাথাকে। এনেকুৱা কিয় হয় জানেনে বাৰু?

অৰ্জুনে কলে যে ভীক্ষাৰীজনৰ ভাগ্যত দৰিদ্ৰতা আছে আৰু ভগৱান শ্ৰী কৃষ্ণই কলে যে কোনো দৰিদ্ৰতা নাই। তেওঁৰ ভাগ্য পৰীক্ষা কৰিবলৈ ভগবানে তেওঁক কেই পইচা মান দি দিলে। ভীক্ষাৰী জনে কলে এতিয়া সোন পাইছিলোঁ, মণি পাইছিলোঁ কিন্তু এই দুই পইচাত তো মই ৰুটি এখনো নাপাওঁ। তেনেকুৱাতে যিটো সৰুবৰত তেওঁৰ মনিটো পৰি গৈছিল তাতে মাছমৰিয়া এজনে মাছ ধৰি আছিল তেওঁৰ জালখনত এজনী মাছ উঠিলে। মাছজনীয়ে ধৰফৰাই আছিল। মাছজনীক এনেদৰে দেখি ভীক্ষাৰীজনৰ বেয়া লাগিল আৰু তেওঁ মাছমৰিয়া জনক মাছটো এৰি দিবলৈ কলে আৰু তাৰ সলনি সেই দুই পইচা ৰাখি থবলৈ কলে। কিয়নো তেওঁৰ হাতত মাত্ৰ দুই পইচা আছিল। ভগবান কৃষ্ণই তেওঁক যি দুই পইচা দিছিল তেওঁ তাৰ প্ৰয়োগ কৰিলে মাছটো বচাবলৈ। মাছমৰিয়া জনেও তেওঁৰ কথা মানি মাছটো এৰি দিলে। মাছমৰিয়া জন তাৰ পৰা গুচি গল। যিটো মাছ তেওঁ ভীক্ষাৰীজনৰ হাতত গতাই দিলে তাৰ ডিঙিত সেই মনিটো ফচি আছিল। তৎক্ষণাত ভীক্ষাৰীজনে চিঞৰি কলে যে পাই গলো পাই গলো। তেতিয়াই চুৰ কেইটা সেইফালেৰে পাৰ হৈ গৈছিল। সিহঁতে ভাবিলে সিহঁতৰ খবৰ ভীক্ষাৰীজনে পালে আৰু ৰজাক গৈ সিহঁতৰ বিষয়ে কব। চুৰ কেইটাই ভয়তে আহি তেওঁক সোন খিনি উভতাই দি ৰজাৰ আগত নকবলৈ কলে। এনেদৰে তেওঁ হেৰুৱা সোণ আৰু হেৰুৱা মণি পুনৰ উভতাই পালে।

অৰ্জুনে দেখিলে যে ভীক্ষাৰীজনে হেৰুওৱা সকলোখিনি তেওঁ ঘূৰাই পাইছে। তেতিয়া ভগৱান কৃষ্ণই উত্তৰ দিলে যে অৰ্জুন, যেতিয়া তুমি তেওঁক সোণ আৰু মণিটো দিলা তেতিয়া তেওঁ নিজৰ কথা ভাবিলে যে ঘৰ সাজিম, ৰজাৰ দৰে থাকিম বুলি। কিন্তু তেওঁক যেতিয়া মই দুই পইচা দিলো তেতিয়া তেওঁ নিজৰ কথা নাভাবি সেই মাছটোৰ কথা ভাবিলে যিটো চটফটাই আছিল। অৰ্জুন, যিয়ে বেলেগৰ বিষয়ে চিন্তা কৰে, বেলেগৰ বাবে ধন খৰছ কৰে তেওঁক মই ধনবান কৰি তোলো আৰু হেৰুৱা ধন উভতাই দিওঁ।

You May Also Like

More From Author