গীতাৰ ষষ্ঠ অধ্যায়ত কৃষ্ণই অৰ্জুনক কৈছে———
“যোগীযুঞ্জীত সততমাত্মানং ৰহমি স্থিতঃ ৷
একাকী যত চিত্তাত্মা নিৰাশীৰসপৰগ্ৰহ ঃ ৷
অৰ্থাৎ”যোগীয়ে অকলে সৰ্বদায় নিৰ্জন ঠাইত থাকি দেহ আৰু অন্তকৰণ সংযম কৰি আকাংশা শূন্য হৈ আৰু পৰিগ্ৰহ শূন্য হৈ চিত্তক সৰ্বদায়ে সমাধি অভ্যাস কৰাব ৷
এনেদৰে ধ্যানযোগৰ বৰ্ণনা কৰি কৰি ভগৱান কৃষ্ণই অৰ্জুনৰ প্ৰশ্নৰ উত্তৰ স্বৰূপে ব্যক্ত কৰিছে—-
যোগীনামপি সৰ্ব্বেষাং মদগাতেনান্তৰিত্মানা ৷শ্ৰদ্ধাবান ভজতে যো মাং স মে যুক্ততমো মত ঃ ৷
অৰ্থাৎ “একান্তভাবে মোৰে চিন্তনত লীন থকা,অন্তকৰণেৰে শ্ৰদ্ধাভক্তিৰে মোৰ ভজন কৰা মোৰ ভক্তই হ’ল সমস্ত যোগীৰ মাজত শ্ৰেষ্ঠ ৷”