সাধাৰণতে পৃথিৱীৰ প্ৰায়ভাগ প্ৰান্ততে দিনৰ ১২ ঘণ্টা দিন আৰু ১২ ঘণ্টা ৰাতি হৈ থাকে। কিন্তু বিশ্বত এনে কিছুমান ঠাই আছে য’ত বহুদিন ধৰি সূৰ্যৰ পোহৰেৰে দিন হৈ থাকে আৰু এই ঠাইবোৰত পৰ্যটকৰ যথেষ্ট ভিৰ হয়। সকলোৱে জানি আচৰিত হ’ব যে এই ঠাইবোৰত ৭০ দিন বা তাতকৈ অধিক দিন হৈ থাকে।
~ নৰৱে’
~ কানাডা, নুনাভুট
সকলোৱে নিশ্চয় কানাডাৰ বিষয়ে শুনিছে। এই দেশখনত নুনাভুট নামৰ এখন চহৰ আছে য’ত প্ৰায় ২ মাহ ধৰি আকাশত সূৰ্য ওলাই থাকে, কিন্তু যেতিয়া শীত কাল আহে, কেৱল সেই সময়তহে ৰাতি হৈ থাকে।
~ ফিনলেণ্ড
ফিনলেণ্ডক হাজাৰ হাজাৰ হ্ৰদৰ দেশ বুলিও কোৱা হয়। ইয়াত গ্ৰীষ্মকালত প্ৰায় ৭৩ দিনৰ বাবে ইয়াত সূৰ্য দৃশ্যমান হৈ থাকে, কিন্তু শীতকালত সূৰ্য আকাশত দেখিবলৈ পোৱা নাযায়, অৰ্থাৎ ইয়াত বহুদিন ধৰি ৰাতি হৈ থাকে। ইয়াৰ এটা আচৰিত কথা হ’ল যে, ইয়াত মানুহে গ্ৰীষ্মকালত কমকৈ টোপনি মাৰে।
~ আলাস্কা
আলাস্কাত মে’ মাহৰ শেষৰ পৰা জুলাইৰ শেষলৈকে, সূৰ্য আকাশত থাকে। আলাস্কাক ‘প’লাৰ নাইট’ৰ ঠাই বুলিও কোৱা হয়। ইয়াত পৰ্যটকে বহু ধুনীয়া দৃশ্য চাব পাৰে।