বৰ্তমান সময়ত, সমগ্ৰ বিশ্বত বৰ্ধিত জনসংখ্যাক লৈ বিতৰ্ক চলি আছে, কিন্তু আজিও বহুতো দেশ জনসংখ্যা হ্ৰাস হোৱাৰ বাবে চিন্তিত হৈ আছে। শেহতীয়াকৈ, জাপানে সন্তান জন্ম দিয়াৰ বাবে দিয়া প্ৰদান কৰা ধনৰ পৰিমাণ বৃদ্ধি কৰিছে। এতিয়াৰে পৰা জাপানত সন্তান জন্ম দিয়াৰ বিনিময়ত, দুই লাখ টকা প্ৰদান কৰা হ’ব। জাপান চৰকাৰৰ এই আদেশ সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈ পৰিছে। জাপান চৰকাৰে এটা সন্তান জন্ম দিয়াৰ পিছত প্ৰায় ৪২০,০০০ য়েন অৰ্থাৎ দুই লাখ টকা মাতৃ অথবা পিতৃৰ একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিছে।