সদৌ অসম কোচ-ৰাজবংশী সন্মিলনী ভেৰগাওঁ জিলা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

1 min read

বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি স্বৰূপ ওদালগুৰি জিলাৰ তেলিয়াপাৰাত অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাধ্য কাৰ্যসুচীৰে অনুষ্ঠিত হ’ৱলৈ গৈ আছে সদৌ অসম কোচ-ৰাজবংশী সন্মিলনীৰ ভেৰগাওঁ জিলা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন | পানেৰী আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হ’ৱলগীয়া ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে ইতিমধ্যে কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে হাতে-কামে প্ৰস্তুতি আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে | জনগোষ্ঠীটোৰ ডেকা-বুঢ়া,জীয়ৰি-বোৱাৰি সকলোয়ে নৰা কটাৰ পৰা আৰম্ভ কৰি সকলোয়ে নিজৰ নিজৰ দায়িত্ব খিনি পালন কৰা দেখিবলৈ পোৱা গৈছে | ইপিনে ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ৱলগীয়া জিলা অধিৱেশনত ভেৰগাওঁ জিলা সমিতিৰ অন্তৰ্গত ৩২ খন আঞ্চলিক সমিতিয়ে পুৰ্ণতাৰে সহযোগ কৰা বুলি উদযাপন সমিতিৰ সভাপতি নীলধৰ ডেকাই জানিবলৈ দিয়ে | লগতে ৰাজ্যিক সমিতিৰ বহুতো বিষয়ববীয়াই অধিৱেশনত উপস্থিত থকাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০-১৫ হাজাৰ ৰাইজ অংশগ্ৰহণ কৰিব বুলি সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে | ইয়াৰোপৰি পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্ৰসংগত জিলা সমিতিৰ কাৰ্যকৰী সভাপতি তৰুণ বৰাই কয় যে, প্ৰথমে বৃহত্তৰ কোচ-ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা পূৰণ কৰক তাৰ পাছত পৃথক কমতাপুৰৰ প্ৰসংগ উত্থাপন হ’ব | কিয়নো বিজেপি শাসনাধীন কেন্দ্ৰ চৰকাৰ খনে নিজৰ মুনাফাৰ বাবে ৰাজ্য এখনক কেনেকৈ দ্বিখণ্ডিত কৰিব পাৰি সেয়া ভালকৈ জানে বুলি মন্তব্য আগবঢ়াই |

You May Also Like

More From Author