যেতিয়া শ্ৰীকৃষ্ণই কংসক বধ কৰিবৰ বাবে বৃন্দাবন এৰি গুচি গৈছিল তেতিয়া ৰাধাৰ জীৱনটোৱে অন্য এক গতি লৈছিল ।
ৰাধাৰ বিবাহ হৈ গল কিন্তু শ্ৰীকৃষ্ণৰ বিৰত ৰাধাই মৰি যোৱাৰ দৰে হৈ পৰিছিল । কিন্তু ৰাধাই নিজৰ বিবাহিত জীৱনটো সততাৰে দায়িত্ব পালন কৰিলে । নিজৰ সকলো কৰ্তব্যৰ পৰা মুক্তি লাভ কৰি ৰাধাই নিজৰ অন্তিম সময়ছোৱাত প্ৰিয়তম কৃষ্ণক লগ কৰিবলৈ দ্বাৰকা নগৰলৈ গল ।
দ্বাৰকাত শ্ৰীকৃষ্ণৰ ১৬১০৮ গৰাকী পত্নীক দেখা পালে আৰু সকলোকে বহুত সুখী দেখি ৰাধা বহুত সুখী হৈছিল । যেতিয়া কৃষ্ণই ৰাধাক দ্বাৰকাত দেখা পালে তেতিয়া কৃষ্ণই ৰাধাক চাই বহুত দেৰি চাইয়েই থাকিল । ৰাধা-কৃষ্ণ দুয়োৱে মনৰ ভিতৰতে প্ৰেম ভৰা কথা পাতিবলৈ ললে ।
ৰাধাৰ অনুৰোধত কৃষ্ণই ৰাধাক এগৰাকী দেৱীকা পদত নিযুক্তি দিলে । ৰাধাই মহলৰ কাম কাজৰ চোৱা চিতা কৰিছিল আৰু সুবিধা পালেই নিজৰ প্ৰিয়তমৰ দৰ্শন কৰি লৈছিল । কিন্তু ৰাধাৰ মন দ্বাৰকাত অশান্ত হৈ পৰিছিল ভাবিলে যে দ্বাৰকাৰ পৰা আঁতৰত গৈ শ্ৰী কৃষ্ণৰ লগত আত্মীক সম্পৰ্ক গঢ়ি তোলাৰ কথা ভাবিলে আৰু দ্বাৰকা এৰি ওচৰৰ এখন হাবিত থাকিবলৈ ললে ।
লাহে লাহে সময় পাৰ হৈ গৈ থাকিল আৰু ৰাধা অকলশৰীয়া আৰু বহুত দুৰ্বল হৈ পৰিল । ৰাধা অন্তিম দিন কাষচাপি আহিছিল । পৃথিৱীত তেওঁৰ ১০০ বছৰ সম্পূৰ্ণ হৈছিল । তেওঁৰ অন্তিম ক্ষণত কৃষ্ণলৈ বহুত মনত পৰিবলৈ ধৰিলে ।
ৰাধাৰ অন্তিম সময়ত কৃষ্ণ ৰাধাৰ সন্মুখত আহি উপস্থিত হলহি আৰু নিজৰ দুবাহুৰ মাজত সোমোৱাই ললে আৰু মাটিত বহি ললে । কৃষ্ণই ৰাধাক তেওঁৰ অন্তিম ইচ্ছাৰ বিষয়ে সুধিলে আৰু নিজৰ পৰা কিবা বিচাৰিবলৈ কলে । তেতিয়া ৰাধাই কৃষ্ণক কলে তেওঁ শেষবাৰৰ বাবে কৃষ্ণক বাঁহী বজোৱা শুনিব বিচাৰে আৰু চাব বিচাৰে । কৃষ্ণই তেতিয়া নিজৰ বাঁহী উলিয়াই লৈ ৰাধাৰ মুখত স্পৰ্শ কৰাই অত্যন্ত সুৰীয়া , প্ৰেম ৰসেৰে ভৰপূৰ ধ্বনি বজাবলৈ ললে । শ্ৰীকৃষ্ণই দিনে ৰাতিয়ে বাঁহী বজালে ।
বাঁহীৰ মধুৰ ধ্বনি শুনি শুনি এদিন ৰাধাই শ্ৰীকৃষ্ণৰ কোলাত নিজৰ শৰীৰ ত্যাগ কৰি দিলে । আৰু চিৰজীৱনৰ বাবে শ্ৰীকৃষ্ণত বিলীন হৈ গল । নিজৰ প্ৰেমিকাৰ মৃত্যু শ্ৰীকৃষ্ণই সহ্য কৰিব নোৱাৰিলে আৰু নিজৰ বাঁহী ভাঙি তাতেই বননিৰ মাজত পেলাই দিলে । আৰু ৰাধাৰ মৃত্যুক লৈ ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে । সেইদিনটোৰ পৰা শ্ৰীকৃষ্ণই কেতিয়াও বাঁহী নবজালে । ৰাধাই ১০০ বছৰ বিৰহৰ পিছত শ্ৰীকৃষ্ণৰ লগত বিলীন হৈ গল আৰু এনেকৈয়ে তেওঁলোকৰ প্ৰেম অমৰ হৈ পৰিল ।