পাকিস্তানত কাৰাগাৰত বন্দী নগাঁৱৰ পুত্ৰসহ মহিলা,নগাঁৱত চাঞ্চল্য

1 min read

নিউজ ব্যুৰ’,নগাঁও,৫জানুৱাৰী:–পাকিস্তানৰ কাৰাগাৰত নগাঁৱৰ এগৰাকী মহিলা ১০ বছৰীয়া পুত্ৰসহ বন্দী হৈ থকা বাতৰিয়ে সমগ্ৰ নগাঁও চহৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । কাৰাবন্দী হৈ থকা মহিলাগৰাকী নগাঁও চহৰৰ বৰবজাৰৰ ৱাহিদা বেগম । জানিব পৰা মতে ৱাহিদা বেগম নামৰ এগৰাকী মহিলা ১ নবেম্বৰৰ পৰা তেওঁৰ ১০ বছৰীয়া পুত্ৰ সন্তানসহ যোৱা সন্ধানহীন হৈ আছিল । ১ নৱেম্বৰৰ পুৱা মহিলাগৰাকীৰ স্বামীৰ বৰবজাৰৰ সম্পত্তি ১কোটি ৬০লাখ টকাত বিক্ৰী কৰি চেলিম খান নামৰ এজন কাবুলীৱালাৰ সৈতে ৱাহিদা নিৰুদ্দেশ হয় । ইয়াৰ পিছতে ৱাহিদাৰ মাতৃ আজিফা খাতুনে ৱাহিদাৰ লগতে তেওঁৰ পুত্ৰ সন্তান নিৰুদ্দেশ সন্দৰ্ভত নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰে । কিন্তু আজিৰ পৰা প্ৰায় ২০দিন পূৰ্বে দিল্লী উচ্চায়ুক্তৰ পৰা ফ’নযোগে ৱাহিদা বেগম আৰু তেওঁৰ ১০বছৰীয়া পুত্ৰ সন্তান পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ খবৰ লাভ কৰাৰ পিছতে আজিফা খাতুনে কন্যা আৰু নাতিক উদ্ধাৰ কৰাৰ বাবে নতুন দিল্লীলৈ ৰাওনা হয় । জানিব পৰা মতে ৱাহিদা বেগমৰ স্বামী মহছিন খানৰ আজিৰ পৰা ৪ বছৰ পূৰ্বে মৃত্যু হৈছিল । তাৰ পিছতে চেলিম খান নামৰ এজন কাবুলীৱালাৰ সৈতে ৱাহিদাৰ এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে । যোৱা ডেৰ বছৰ ধৰি ৱাহিদা আৰু চেলিম খান স্বামী-স্ত্ৰীৰ দৰে বাস কৰিছিল বুলি স্হানীয় লোকে জানিবলৈ দিয়ে ।

আনহাতে প্ৰসেনজিৎ দত্ত নামৰ বৰবজাৰ অঞ্চলৰ এজন ব্যৱসায়ীয়ে ৱাহিদাৰ স্বামীৰ পৰা লাভ কৰা মাটি-সম্পত্তি বিক্ৰী কৰি ২০২২ চনৰ ১নৱেম্বৰত এখন ছুইফট বাহনত ১০বছৰীয়া পুত্ৰ সন্তানসহ ৱাহিদা চেলিমৰ সৈতে অন্তৰ্ধান হয় । পৰৱৰ্তী সময়ত তেওঁলোকৰ বাহনখন পৰিত্যক্ত অৱস্থাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উদ্ধাৰ হয় । ৱাহিদাৰ মাতৃ আজিফা খাতুনে নগাঁও সদৰ আৰক্ষী থানাত তেওঁৰ কন্যা আৰু নাতিৰ নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছিল যদিও কোনো শুংসূত্ৰ পোৱা নাছিল। শেহতীয়াভাৱে ১০বছৰীয়া পুত্ৰ সন্তানসহ ৱাহিদা পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ বাতৰি পোৱাৰ পিছতে শোকত ভাগি পৰিছে ৱাহিদাৰ মাতৃ আজিফা খাতুন । ইপিনে নগাঁৱত সুদৰ ব্যৱসায় কৰা চেলিম খানৰ সৈতে ৰূপহী অঞ্চলৰ এজন ইটা ভাটাৰ মালিকৰ আছিল সু-সম্পৰ্ক । এই সমগ্ৰ ঘটনাৰ লগত সেই লোকজন জড়িত থকা বুলি বৰবজাৰ অঞ্চলৰ একাংশ লোকে অভিযোগ তুলিছে । আনহাতে ৱাহিদাৰ মাতৃ আজিফা খাতুনে ১০ বছৰীয়া পুত্ৰ সন্তানসহ তেওঁৰ কন্যাক ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈকো ভাৰত চৰকাৰক অনুৰোধ জনায় । ইপিনে ৱাহিদা আৰু তেওঁৰ সন্তানৰ লগতে চেলিম খানো পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা বুলি জানিব পৰা গৈছে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author