চলন্ত পুথিভঁৰাল সংৰক্ষণৰ দাবীত নগাঁৱত নাগৰিক সভা

1 min read

নিউজ ব্যুৰ’,নগাঁও,২০জানুৱাৰী:–পুথিভঁড়াল সেৱা সঞ্চালকালয়ে নগাঁও পুথিভঁৰালী লৈ প্ৰেৰণ কৰা চিঠিক লৈ নগাঁৱত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নগাঁও জিলা পুথিভঁৰালত থকা চলন্ত পুথিভঁৰাল বাহনখন নিলাম কৰা সম্পৰ্কীয় চিঠিখন তথা নিলাম বাতিলৰ দাবীত নগাঁৱত শুক্ৰবাৰে এখনি নাগৰিক সভা অনুষ্ঠিত হয় । এই উপলক্ষে নগাঁৱৰ মতিৰাম বৰা উদ্যানত নগাঁও নাগৰিক সমাজৰ উপস্থিতিত অনুষ্ঠিত নাগৰিক সভাত ‘৬০ৰ দশকত সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ দূৰদৰ্শী চিন্তাৰ আ‍ঁচনিখনক উত্তৰসূৰীসকলে ৰূপায়ণ কৰি ৰাখিব নোৱাৰি চৰম ব্যৰ্থতাৰ পৰিচয় দিয়াৰ লগতে সীমা চেৰাই বৰ্তমানৰ বিভাগীয় আমোলাসকলে বাহনখন নিলামৰ জৰিয়তে কাৰোবাক চমজাই দিয়াৰ ষড়যন্ত্ৰতহে লিপ্ত হোৱা বুলি নাগৰিক সমাজে মতপোষণ কৰে ।

নাগৰিক সমাজৰ লগতে বিভিন্নজনে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত বিষয়টোৱে নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে । নাগৰিক সভাত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াই সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰি কয় যে নগাঁও জিলা প্ৰশাসন নগাঁওস্থিত পৌৰাণিক সম্পদসমূহ সংৰক্ষণত ব্যৰ্থ হৈছে । ইতিমধ্যে নগাঁও মহাফেজখানাৰ ঐতিহাসিক সামগ্ৰীসমূহ,নগাঁও নেহেৰুবালিৰ সন্মুখৰ স্বাধীনতাৰ পূৰ্বৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ কাৰ্যালয়টোকে প্ৰমুখ্য কৰি বহু কীৰ্তিচিহ্নসমূহ নিচিহ্ন হোৱাৰ উপক্ৰম হৈছে । কিন্তু প্ৰশাসনক বহুবাৰ আৰ্জি দাখিল কৰাৰ পাছতো নিৰ্বিকাৰ। ফলশ্ৰুতিত নগঞাঁ ৰাইজৰ সম্পদসমূহ বিলুপ্তিৰ পথত । বিশিষ্ট নাগৰিক মুকুট ভূঞাঁৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সভাখনিত বাহনখনৰ নিলামৰ বিৰোধিতা কৰি বাহনখন নিলামৰ সিদ্ধান্ত ৰদ কৰিব লাগে,গাড়ীখন বিজ্ঞানসন্মতভাৱে উপযুক্ত ধৰণেৰে সংৰক্ষণ কৰিব লাগে,চলন্ত পুথিভঁৰালৰ আচঁনিখন পুনৰ কাৰ্যক্ষম কৰি তুলিব লাগে বুলি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত কৃষক সভাৰ ৰাতুল বৰাই সমগ্র বিষয়টো সন্দৰ্ভত এক কাৰ্যক্ৰমণিকা প্ৰস্তুতি সম্পৰ্কে প্ৰথম পদক্ষেপ হিচাপে পুথিভঁৰাল সেৱা সঞ্চালকলৈ জিলা উপায়ুক্তৰ জড়িয়তে গণস্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে । মনোজ সিংহ ৰাজাই আঁত ধৰা নাগৰিক সভাখনিত বিশিষ্ট নাগৰিক অমৰেন্দ্ৰ শৰ্মা,আব্দুল চালাম,পুনিৰাম শইকীয়া,জিতু নাথ,মুকুল চন্দ্ৰ বৰা,ঈশান কোচ ৰাজবংশী,খগেন শইকীয়া প্ৰমুখ্যে অৰ্ধশতাধিক লোক উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author