আদিলৰ সৈতে বিবাহৰ পিছতে ফাতিমা হৈ গ’ল ৰাখী সাৱন্ত…….

1 min read

 

 

ৰাখী সাৱন্তে পুনৰ এবাৰ নিজৰ এক সিদ্ধান্তৰে সকলোকে আচৰিত কৰি তুলিছে। ৰাখীয়ে প্ৰেমিক আদিল দুৰানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ সকলোকে আচৰিত কৰিছে। ছচিয়েল মিডিয়াত নিজৰ নিকাহৰ ফটো শ্বেয়াৰ কৰি কয় যে তেওঁ আদিলৰ সৈতে ৭ মাহ পূৰ্বেই নিকাহ কৰিছিল, কিন্তু আদিলে এই নিকাহ গোপনে ৰাখিবলৈ চাপ দিছিল। ৰাখীয়ে আৰু কয় যে তেওঁ নিকাহৰ লগতে ক’ৰ্ট মেৰিজো কৰিছিল।

ৰাখীৰ মতে এতিয়া আদিলে তেওঁৰ সৈতে কথা পতা নাই। হয়, এক সাক্ষাৎকাৰত ৰাখী সাৱন্তে আদিলৰ সৈতে নিজৰ নিকাহ আৰু প্ৰতাৰণাৰ কথা উল্লেখ কৰিছে। তেওঁ লাভ জেহাদৰ ভয়ে ব্যতিব্যস্ত কৰিছে। কিয়নো আদিলৰ পৰিয়ালে হেঁচা প্ৰয়োগ কৰিছে, যাৰ বাবে আদিলে মাত–বোল কৰা নাই। ৰাখীয়ে আদিলৰ বিৰুদ্ধে আন যুৱতীৰ সৈতে সম্পৰ্কত থকাৰ কথাও উল্লেখ কৰে। ৰাখী সাৱন্তে কয় যে, আদিলে তেওঁক প্ৰতাৰণা কৰিছে। আদিলৰ আন কাৰোবাৰ সৈতে সম্পৰ্ক আছে, কিন্তু তেওঁৰ সৈতে নিকাহ কৰিছে। তেওঁ নিকাহৰ পিছত আন কাৰোবাৰ সৈতে আছে। আদিলৰ এই ব্যৱহাৰ দেখাৰ পিছত ৰাখীয়ে সকলোৰে সন্মুখত নিজৰ বিয়াৰ কথা প্ৰকাশ কৰিছে। ৰাখীয়ে আৰু কয় যে বিয়াৰ পিছত নিজৰ নামো সলনি কৰিছিল। তেওঁ নিজৰ নাম ফাতিমা ৰাখিছে।

আনহাতে, আদিলে নিকাহৰ খবৰ অস্বীকাৰ কৰিছে। আদিলে কয় যে তেওঁ ৰাখীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা নাই।

 

You May Also Like

More From Author