এক পৌৰাণিক কথা অনুসাৰি ভগৱান শ্রী বিষ্ণুৰ লগত দেৱী লক্ষ্মী শ্ৰীচ সাগৰত বিৰাজমান আছিল। সেই সময়ত দুয়োৰে মাজত কথোপকথন চলি আছিল। সেই কথোপকথনৰ মাজতে দেৱী লক্ষ্মীৰ মুখৰপৰা ওলাল, যে তেওঁক আৰাধনা কৰাৰ আগতে কাৰোৱে কথা নচলে। সংসাৰৰ প্ৰতিজন ব্যক্তিয়ে মোক প্ৰাপ্ত কৰিবৰ বাবে, মোৰ পূজা অৰ্চনা কৰে। ভগৱান শ্রী বিষ্ণুৰ এই কথা বুজিবলৈ পলম নালাগিল যে, দেৱী লক্ষ্মীৰ অংহকাৰ হৈছে। ভগৱান শ্রী বিষ্ণুয়ে দেৱী লক্ষ্মীৰ এই অংহকাৰ শেষ কৰিবলৈ কলে যে এগৰাকী মহিলাক তেতিয়ালৈকে সম্পূৰ্ণ মনা নহয় যেতিয়ালৈকে তেওঁৰ কোনো সন্তান নহয়।তেতিয়ালৈকে দেৱী লক্ষ্মীৰ কোনো সন্তান নাছিল। ভগৱান শ্রী হৰিৰ এই কথা শুনি দেৱী লক্ষ্মী অত্যান্ত দুখী হল। তেওঁ তাৰপৰা সংগী পৰ্ৱতৰ মাতা পাৰ্ৱতীৰ কাষ পালেগৈ।। মাতা পাৰ্ৱতীয়ে এই কথা বাৰ ভালকে জানিছিল যে, দেৱী লক্ষ্মীৰ মন অত্যাধিক চঞ্চল হয়। তেওঁ অধিক সময় একে স্থানতে থাকিব নোৱাৰে।কিন্তু মাতা পাৰ্ৱতীয়ে দেৱী লক্ষ্মীৰ এই দুখ দেখি কলে যে,তেওঁৰ পুত্র গণেশক লক্ষ্মী দেৱীয়ে নিজৰ তুলনীয় পুত্র কৰি লওক। মাতা পাৰ্ৱতীৰ এই কথা শুনি দেৱী লক্ষ্মী প্ৰসন্ন হল। তেওঁ তেতিয়া গণেশক আৰ্শীবাদ দিলে যে যিয়ে তেওঁৰ পূজন কৰিবলৈ আহিব, তেওঁলোকে গণেশৰ পূজা নকৰিলে ফলৰ প্ৰাপ্ত নহব।। দেৱী লক্ষ্মী আৰু গণেশৰ প্ৰতিমাক ধ্যান পূৰ্ৱক চালে, দেখিব যে.. দেৱী লক্ষ্মী মাৰ আসন ওখ হয় আৰু শ্রী গণেশৰ আসন অলপ চাপৰ হয়।কাৰণ তেওঁ দেৱী লক্ষ্মীৰ পুত্র হয়।