গুজৰাটৰ গান্ধীনগৰ সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে অশাৰাম বাপুক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে ৷ ধৰ্ষণ গোচৰত ভুক্তভোগীক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিবলৈও কোৱা হয় আদালতৰ নিৰ্দেশত ৷ স্বয়ম্ভূ ভগৱান আশাৰাম বাপুৱে এগৰাকী মহিলাক ২০০১ চনৰ পৰা ২০০৬ চনলৈ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল ৷ নিজকে ভগৱান বুলি দাবী কৰা আশাৰাম বাপুৱে এখন আশ্ৰমত এই কু-কাৰ্য সংঘটিত কৰিছিল ৷ দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ভাৰতীয় দণ্ডবিধিৰ 376 2(C) আৰু 377 ধাৰাৰ অধীনত আশাৰামক দোষী সাব্যস্ত কৰে আদালতে ৷
২০১৩ চনত ৰাজস্থানৰ নিজৰ আশ্ৰমত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ আন এটা গোচৰত আজীৱন কাৰাদণ্ড ভুগি থকা ৮১ বছৰীয়া আশাৰাম বাপু বৰ্তমান যোধপুৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে । ২০১৩ চনত ৰুজু হোৱা মহিলা শিষ্য ধৰ্ষণৰ গোচৰত সোমবাৰে আদালতে স্বয়ম্ভূ ভগৱান আশাৰাম বাপুক দোষী সাব্যস্ত কৰে । প্ৰমাণৰ অভাৱত আশাৰামৰ পত্নীকে ধৰি আন ছজন অভিযুক্তক আদালতে দোষমুক্ত কৰে । আহমেদাবাদৰ চান্দখেদা থানাত দাখিল কৰা গোচৰ অনুসৰি ২০০১ চনৰ পৰা ২০০৬ চনলৈকে আশাৰামে তেওঁৰ চহৰৰ পাৰ নিলগত অৱস্থিত তেওঁৰ আশ্ৰমত থকা মহিলাগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । বিশেষ চৰকাৰী অধিবক্তা আৰ চি কোডেকাৰে এই সন্দৰ্ভত কয় যে, আদালতে বিচাৰৰ বাবে গোচৰটো গ্ৰহণ কৰি আশাৰামক ভাৰতীয় দণ্ডবিধি আইনৰ 376/2(C) (ধৰ্ষণ), 377 (অস্বাভাৱিক অপৰাধ) ধাৰা আৰু অন্যান্য বিধানৰ অধীনত দোষী সাব্যস্ত কৰে সোমবাৰে ৷