গুৱাহাটী বিশ্ববিদ্যালয়ত ১৯৬৭ চনতেই প্ৰতিষ্ঠা হোৱা ঐতিহ্যমণ্ডিত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমখন “সতীর্থ সম্মিলন” অহা ১৯ মার্চত এদিনীয়াকৈ বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। এই সম্পর্কে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সতীৰ্থ সন্মিলনৰ বিষয়ে বিতং তথ্য দাঙি ধৰে বিভাগৰ মুৰব্বী অধ্যাপক তথা সন্মিলনৰ পৃষ্ঠপোষক ডঃ চন্দন কুমাৰ গোস্বামী , সভাপতি কিশোৰ উপাধ্যায় , সাধাৰণ সম্পাদক ডঃ ৰবীন্দ্ৰ শৰ্মা আৰু প্ৰচাৰ সমিতিৰ আহ্বায়ক ডঃ নীনাক্ষি কলিতাই। আটাইকেইজন কৰ্মকর্তাই সংবাদ মেলত সম্বোধন কৰি কয় প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত এই সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে। গৌৰৱোজ্বল ৫৫ বছৰীয়া এই পুৰণি বিভাগটোৱে যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতক ডিগ্ৰীৰ ডিপ্লমা, পি জি পাঠ্য়ক্ৰম আৰু গবেষণা সহ) পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰি আহিছে। গৌৰৱোজ্জ্বল সন্মিলনখনিত প্ৰতিগৰাকী প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰা হৈছে যাতে প্ৰাক্তন ছাত্র-ছাত্রীসকলে বর্তমানৰ শিক্ষাৰ্থী সকল আৰু বিভাগৰ সৈতে এটি নিবিড় সম্পর্ক অক্ষুণ্ণ ৰাখিব পাৰে । এনেধৰণৰ সন্মিলনৰ জৰিয়তে শিক্ষার্থীসকলক আজীৱন বিভাগটোৰ সৈতে জড়িত হৈ থাকিবলৈ উৎসাহিত আৰু অনুপ্ৰাণিত কৰি থাকিব। সন্মিলনৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, শ্বহীদ তৰ্পন,ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতানুষ্ঠান ন-পুৰণি ছাত্ৰ ছাত্ৰী সকলৰ অন্তৰংগ অনুষ্ঠান, সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। সতীর্থ সম্মিলন খনিৰ স্মৃতি ধৰি ৰখাৰ প্ৰয়াসেৰে স্মৃতিগ্ৰন্থ এখনি প্ৰকাশৰো যো-জা কৰি থকা হৈছে । প্ৰাক্তন শিক্ষার্থীসকলক অনুষ্ঠানত যোগদানৰ বাবে গুগল ফর্ম পূৰণ কৰি সদস্যভৰ্তি হ’ব পাৰিব । সন্মিলনত অংশগ্ৰহণৰ বাবে আৰু সদস্য পদৰ বাবে দুটা পদ্ধতি ৰখা হৈছে । এবছৰীয়া সদস্যপদৰ বাবে পঞ্জীয়ন ৫০০ টকা আৰু আজীৱন সদস্যপদৰ বাবে পঞ্জীয়নৰ মাছুল ৫০০০ টকা ধাৰ্য কৰা হৈছে। এই উদ্দেশ্যে পঞ্জাব নেচনেল বেংক, গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ একাউন্ট নং ১৮৩৯২০০০০০০৬৩৫০ (আই এফ এচ চি: PUNB0183920 ) ত সমূহ প্রাক্তন ছাত্র ছাত্রীক পঞ্জীয়ন মাচুল জমা দিব পাৰিব । পঞ্জীয়নৰ অন্তিম তাৰিখ ১০ মার্চ । এই সম্পর্কে বিশদভাৱে জানিবলৈ ফেচবুক পেজ: Alumni Association – DCIGU অথবা ৯৮৫৪০৭২০৯৬ , ৯৪৩৫০১৯১৩১, বা ৮৭৬১০৪২৯৮৯ মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব । তেনেদৰে অসমীয়া , বঙালী আৰু ইংৰাজী ভাষাত প্ৰকাশ হবলগীয়া স্মৃতিগ্ৰন্থখনত লেখনিৰ বাবে ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত souvenir.aluminimeetdcu@gmail.com ঠিকনাত প্ৰেৰণ কৰিব পাৰিব বুলি সংবাদ মেলত কৰ্মকর্তা সকলে সদৰি কৰে ।
১৯ মাৰ্চত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সতীৰ্থ সন্মিলন
Posted on by GTM Desk
1 min read
You May Also Like
বিহালীৰ প্ৰাৰ্থীৰ বাবে অসম সন্মিলিত মঞ্চৰ ৫ জনীয়া কমিটি গঠন
October 18, 2024
ইজৰাইলৰ আক্ৰমণত মৃত্যু হামাছৰ মুৰব্বী য়াহয়া ছিনৱাৰৰ
October 18, 2024
More From Author
Woman Arrested for Allegedly Murdering Her 5-Year-Old Son in Assam
October 19, 2024
Couple Arrested in Guwahati for Alleged Honey-Trapping Racket
October 19, 2024
Former AASU Leader Disappears, Linked to ULFA-I
October 19, 2024