পুৱা গৰম চাহত চুমুক দি দিনটো আৰম্ভ কৰা হয়৷ ধোৱা ওলোৱা চাহৰ আমেজেই বেলেগ৷ চাহ পান কৰাটো আপোনাৰ প্ৰতিদিনৰ অভ্যাস নেকি? জানি লওক সকলো বস্তুৰ এটা নিৰ্দিষ্ট সময় আছে৷ সেই কাৰণে চাহ খোৱাৰো নিৰ্দিষ্ট সময়সূচী আছে৷ পুৱা চাহ খোৱাটো কোনো কাৰণতে স্বাস্থ্যকৰ নহয়৷ পুৱাই চাহ খালে বৃদ্ধি পায় এছিডৰ সমস্যা৷ সেয়ে চাহ খোৱাৰ আগতে কেৱল বিস্কুত নহয়, পেট ভৰাই অন্য খাদ্য খাই ল’ব৷ যদি সেইটো নকৰে তেনেহ’লে সন্মুখত ভয়ংকৰ বিপদ৷ এতিয়াই সমস্যাই দেখা নিদিলেও ভৱিষ্যতে ভয়ংকৰ শাৰীৰিক সমস্যাত ভুগিব লাগিব আপুনি৷ খালীপেটত চাহ খালে কি কি সমস্যা হ’ব পাৰে –
- চাহএছিডৰ মূল কাৰণ৷ যদিহে গাখীৰমিশ্ৰিত চাহ হয় তেতিয়াটো আৰু বিপদ চপাই অনা হ’ব৷
- খালীপেটত চাহ খালে আপোনাৰ শৰীৰত প্ৰ’টিনৰ অভাৱ ঘটিব৷ সমান্তৰালকৈ পুষ্টি উৎপাদনৰ ক্ষমতাও কমি যাব৷
- খালীপেটত গাখীৰ চাহ খালে দিনৰ মাজভাগৰ পৰা শৰীৰত অৱসাদে দেখা দিয়ে৷ পেট ফুলাৰ সম্ভাৱনাও প্ৰৱল৷
- গাখীৰ চাহ খালে মূৰৰ বিষ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰৱল৷ যদি আপুনি চাকৰি কৰে তেন্তে কাৰ্যালয়ত দিনৰ মাজভাগতেই এনাৰ্জি হেৰুৱাব পাৰে৷ সমান্তৰালকৈ গোটেই দিনটো বমি বমি ভাব আহিব পাৰে৷ কাৰণ চাহত প্ৰচুৰ পৰিমাণে ‘টেনিন’ থাকে৷ ইয়াৰোপৰি কেফেইন, এলথায়’নিন আৰু থিয়ফাইলিন থকাৰ কাৰণে বদহজম হোৱাৰ সম্ভাৱনা প্ৰৱল৷
- দিনত চাৰি বা পাঁচকাপ চাহ খালে পুৰুষৰ প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট৷ প্ৰসংগত উল্লেখ যে, চাহ পান কৰাতো শৰীৰৰ বাবে একেবাৰে ক্ষতিকাৰক