মৃত শৰীৰৰ কপালত লাঠিৰে মৰাৰ বিষয়ে গৰুড় পুৰাণে কি কয় জানি লওঁক

1 min read

মানুহৰ জীৱনত জন্ম পিছত যদি কিবা সত্য আছে তেতিয়া সেইয়া মৃত্যুৰ সত্য। সাধু , ঋষি যিয়ে হওঁক,যিজন ব্যক্তিয়ে এই পৃথিৱীত জন্ম লয় তেওঁ এদিন মৃত্যুবৰণ কৰিবয়ে।

যিয়ে এই বিষয়ে জ্ঞাত তেওঁলোকে মুক্তি পাবলৈ জীয়াই থকা দিনকেইটাত দান-পুণ্য আদিৰ দৰে ভাল কাম কৰে।

মৰা পিছতো কিছুমান এনেকুৱা কৰ্ম আছে যি মৃতকৰ পৰিয়ালে বিধি পূৰ্বক কৰিলে মৃতকৰ আত্মাই শান্তি পায়।এই কৰ্মবোৰৰ ভিতৰত এটা হ’ল অন্তিম সৎকাৰৰ সময়ত কৰা কপাল ক্ৰিয়া।

ইয়াত চিতাত জ্বলি থকা শৰীৰটোৰ কপালত তিনিবাৰ লাঠিৰে মৰা হয়। কিন্তু আপোনালোকে জানেনে এনেকুৱা কিয় কৰা হয়। আমাৰ গ্ৰন্থসমূহত ইয়াৰ অৰ্থ কি বুলি কোৱা হৈছে।

গৰুড় পুৰাণৰ ধৰ্ম কাণ্ডত মৃত্যুৰ পিছত কৰা বহুত কৰ্মৰ বিষয়ে বৰ্ণনা কৰা আছে।এই কাণ্ডতে চিতাত জ্বলি থকা শৰীৰটোৰ কপালত তিনিবাৰ লাঠিৰে মৰা কিছুমান ধৰ্মীয় কথা বিষয়েও কোৱা হৈছে।

গৰুড় পুৰাণত মৃত্যুৰ পিছত কৰা কিছুমান কৰ্ম কথা বিবৰণ দিয়া আছে আৰু সেই কৰ্মসমূহ হিন্দু ধৰ্মৰ সকলো ব্যক্তিয়ে পালন কৰে বা মানে।গৰুড় পুৰাণৰ অনুসৰি চিতাত মুখা অগ্নি কৰা পাছত শৰীৰটোৰ মূৰত লাঠিত এটা লোটা বান্ধি ঘিওঁ ধলা হয় যাতে মূৰটো ভালকৈ জ্বলে। কাৰণ মানুহৰ মূৰৰ হাড়বোৰ আনবোৰ হাড়ৰ তুলনাত বহুত মজবুত। সেই কাৰণে শৰীৰটোৰ মূৰত ঘিওঁ ধলা হয়। এতিয়া প্ৰশ্ন আহে শৰীৰটোৰ কপালখন  সম্পূৰ্ণ ৰূপে নষ্ট কিয় কৰিব লাগে।

ইয়াৰ বিষয়েও গৰুড় পুৰাণত উল্লেখ কৰা আছে। যদি মৃতকৰ মূৰটো ভালকৈ জ্বলি নাযায়, তেতিয়া তেওঁৰ পিছৰ জন্মত বিকাশ ভাল নহয় আৰু তেওঁ অবিকশিত হৈ ৰৈ যায়।

আকৌ এইটোও কোৱা হয় যদি কপাল ক্ৰিয়া কৰা নহয় তেতিয়া মৃতকৰ প্ৰাণে ভালকৈ মুক্তি নাপায়  আৰু পিছৰ জন্মত বাধা আহি পৰে।যিটো তেওঁৰ প্ৰিয় মানুহে কেতিয়াও নিবিচাৰে।

সেই কাৰণে মৃতকৰ পৰিয়ালে মৃতকৰ সকলো কৰ্ম ভালকৈ কৰে। বিভিন্ন ধৰ্মত মানুহৰ মৃত্যু লগত জড়িত বিভিন্ন কথা আছে।যেনে- মুছলমান সকলে মৃত্যু পাছত মৃতকক জ্বলাই নিদিয়ে।

কিন্তু হিন্দু ধৰ্মত মৃতকৰ শৰীৰটো জ্বলোৱা মান্যতা আছে।মহিলা আৰু ল’ৰা ছোৱালীৰ অন্তিম সৎকাৰক লৈ বহুত কথা বৰ্ণনা কৰা আছে। প্ৰচলিত মান্যতা অনুসৰি শ্ৰাদ্ধ চন্দ্ৰিকা কিতাপটো এটা বিধিৰ বিষয়ে কোৱা হৈছে। য’ত কোৱা হয় মানুহৰ মগজুত ব্ৰহ্মা ভগৱানে বাস কৰে।

সেই কাৰণে কপাল ক্ৰিয়া কৰি শৰীৰটোক সম্পূৰ্ণ ৰূপে মুক্তি প্ৰদান কৰা হয়। ইয়াৰ উপৰিও কিছুমান অঘৰীয়ে নিজৰ তন্ত্ৰ মন্ত্ৰ সহায় সিন্ধি লাভ কৰিবলৈও কপাল ক্ৰিয়া কৰে।

সেই কাৰণে কোনোও নিবিচাৰে তেওঁলোকৰ প্ৰিয় জনৰ কপালৰ লগত তেনেকুৱা কিবা হোৱাতো। কাৰণ এনেকুৱা হ’লে তেওঁলোকৰ প্ৰিয়জনৰ মুক্তিত বাধা আহি পৰে। সেই কাৰণে ও কপাল ক্ৰিয়া কৰাতোঁ আৱশ্যক।

কপাল ক্ৰিয়াক বুজিবলৈ আমি শৰীৰৰ লগত জড়িত ৭টা চক্ৰ বা ক্ৰিয়াক বুজিব লাগিব। যেনে- মুলাধাৰ, স্বাস্থ্যধ্যান, মণিপুৰ,অনাহত, বিশুদ্ধি, আজ্ঞা আৰু সহস্থাৰ চক্ৰ সন্মিলিত হৈ আছে। ইয়াৰ সহস্থাৰ চক্ৰক কপালৰ ক্ৰিয়াৰ লগত জড়িত বুলি কোৱা হয়।

সহস্থাৰ অৰ্থাৎ মগজুৰ মধ্যভাগ।এই চক্ৰক জাগৰণ কৰিবলৈ হ’লে ধ্যান কৰাতোঁ বহুত আৱশ্যক।মুলাধাৰৰ পৰা আৰম্ভ কৰি সহস্থাৰ চক্ৰ ওচৰ পাব পাৰি।এই চক্ৰকে মুক্তি লাভৰ দুৱাৰ বুলি কোৱা হৈছে।

বাস্তৱত যেতিয়া মানুহৰ মৃত্যু হয়, তেতিয়া সেই চক্ৰৰ সহায়তে আমাৰ আত্মায়ে  মুক্তি লাভ কৰে। সেই চক্ৰ সহায়তে আমাৰ সম্পূৰ্ণ জীৱন চলি থাকে।

মৃত্যুৰ পিছত যদি নিজেই নিজেই কাৰোবাৰ মগজু ফাটি  যায় তেতিয়া সেই ব্যক্তিজন সাধাৰণ ব্যক্তি নহয় আৰু তেওঁ নিশ্চিত ভাৱে মুক্তি লাভ কৰিব।

কপাল ক্ৰিয়া আৰু বিধি হিন্দু ধৰ্মৰ লোকসকলে বিশ্বাস কৰে। লাগিলে আপোনালোকে বিশ্বাস কৰে বা নকৰে । কিন্তু এইসমূহ মানু্হৰ জীৱনৰ লগত মৃত্যুৰ লৈকে জড়িত হৈ থাকে। সেই কাৰণে এই নিয়মসমূহ আপোনালোকে জনাটো বহুত আৱশ্যক।

You May Also Like

More From Author