দেশৰ এনে এটা শিৱ মন্দিৰ যত শিৱৰ মূৰ্তি অথবা শিৱ লিংগৰ পূজা কৰা নহয়! ( Religious Studies )
*দেশৰ এনে এটা শিৱ মন্দিৰ যত-শিৱৰ মূৰ্তি অথবা শিৱ লিংগৰ পূজা কৰা নহয়।মান্যতা অনুসৰি ইয়াত আছে-ভগৱান শিৱৰ ভৰিৰ বুঢ়া আঙুলিৰ চাপ।সেই বুঢ়া আঙুলিৰ চাপতহে-পূজা-অৰ্চনা কৰে ভক্তই।
*কিন্তু কত আছে-এই বিশেষ মন্দিৰটো? এই বিশেষ মন্দিৰটো আছে-ৰাজস্থানত।
ৰাজস্থানৰ চিৰোহীৰ হিল,ষ্টেচন মাউন্ট আবুৰ পৰা ১১কিলোমিটাৰ দূৰত অচলগড় নামৰ পাহাৰত অৱস্হিত এই শিৱ মন্দিৰটো।
*কেৱল বুঢ়া আঙুলিৰ পূজা কৰায় নহয়,আচৰিত ধৰণে ইয়াত পানী বা গাখীৰ ঢালিলে-সেয়া পাতালৰ ভিতৰলৈ সোমাই যায়।এই মন্দিৰৰ নাম অচলেশ্বৰ মহাদেৱ মন্দিৰ।
*এই মন্দিৰৰ গৰ্ভগৃহত আছে-মহাদেৱৰ বুঢ়া আঙুলিৰ চাপ।মন্দিৰৰ ভিতৰৰ গৰ্ভগৃহত এটা ফালে-ভৰিৰ আঙুলিৰ চিহ্ন এটা আছে।ইয়াক শিৱক সোঁ-ভৰিৰ বুঢ়া আঙুলি বুলি গণ্য কৰা হয়।কোৱা হয় যে-এই বুঢ়া আঙুলিটোৱে মাউন্ট আবু পৰ্ৱত ধৰি ৰাখিছে।যিদিনা বুঢ়া আঙুলিৰ চিন নাইকিয়া হব-সেইদিনা মাউন্ট আবু পৰ্ৱতৰো শেষ হব। ( Religious Studies )
*এই মন্দিৰত মহাদেৱক আগবঢ়োৱা পানী পাতাললৈ সোমাই যায়।মন্দিৰৰ পুৰোহিতে জানিবলৈ দিয়া অনুসৰি-অচলেশ্বৰ মহাদেৱ মন্দিৰ হৈছে-দেশৰ একমাত্ৰ শিৱ মন্দিৰ যত,মহাদেৱৰ বুঢ়া আঙুলিৰ পূজা কৰা হয়।
স্কন্দ পুৰাণত-অৰ্বুদাঞ্চলত ভগৱান শিৱৰ বাসস্থানৰ প্ৰমাণো আছে।কোৱা ভগৱান শিৱ আৰু বিষ্ণুৱে এদিন ৰাতি এই অঞ্চললৈ আহিছিল।এইকাৰণেই অৰ্বুদাঞ্চলক মুনিসকলৰ তাপোশালি বুলি কোৱা হয়।
*এই মন্দিৰত মহাদেৱক অভিষেক কৰা পানী পোনপটীয়াকৈ ভিতৰৰ গহ্বৰলৈ সোমাই যায়।এই মন্দিৰত প্ৰৱেশ দ্বাৰত এটা পঞ্চ ধাতুৰে নিৰ্মিত নন্দীৰ মূৰ্তি আছে।যাৰ ওজন ৪টন। (সংগ্ৰহিত)