বহুবাৰ বীৰ হনুমানে-নিজৰ প্ৰভূ শ্ৰী ৰামক সহায়ৰ বাবে অসম্ভৱকো সম্ভৱ কৰি তুলিছে।বীৰ হনুমানে ৰাম নামৰ মহত্বৰ বাবে-প্ৰভূ শ্ৰী ৰামৰ ক্ৰোধৰ সন্মুখীনো হৈছিল। ( Religious Studies )
বীৰ হনুমানৰ আৰাধ্য প্ৰভূ শ্ৰী ৰাম হয় আৰু প্ৰভূ শ্ৰী ৰামৰো সকলো ভক্ততকে প্ৰিয় বীৰ হনুমান হয়। বীৰ হনুমান আৰু শ্ৰী ৰামৰ বহু কথা আছে।তাৰে এটি কথাৰে-প্ৰভূ শ্ৰী ৰামে কি দৰে বীৰ হনুমানৰ অহংকাৰ ভাঙিছিল!
*লংকা যুদ্ধৰ আগৰে কথা-
সমুদ্ৰ পাৰ কৰি লংকালৈ যোৱাৰ কথা।তাৰ আগে প্ৰভূ শ্ৰী ৰামে বিচাৰিছিল যে-সেঁতুত এভাগি শিৱ লিংগ স্থাপন কৰা যায়।প্ৰভূ শ্ৰী ৰামে নিজৰ মনৰ কথা বীৰ হনুমানৰ আগত ব্যক্ত কৰিলে।আৰু কলে যে-তুমি কাশী লৈ গৈ শিৱলিংগ আনাগৈ।আৰু শুভ মুহুত্ব হোৱাৰ আগে আহিবাগৈ।
*পৱন পুত্ৰৰ বাবে কাশীলৈ যোৱাটো কোনো ডাঙৰ কথা নাছিল।বীৰ হনুমান অতুলীত বলশালী আৰু বেগবান আছিল।বীৰ হনুমান পলকতে কাশী পালেগৈ।নিজৰ বেগত তেতিয়া বীৰ হনুমানৰ অলপ অভিমান হল। ( Religious Studies )
প্ৰভূ শ্ৰী ৰাম অন্তয্যামী আছিল।বীৰ হনুমানৰ কথা প্ৰভূ শ্ৰী ৰামে জানিলে।তেতিয়া প্ৰভূ ৰামে সুগ্ৰীৱক কলে যে-শুভ মুহুত্ব পাৰ হৈ যাব।সেইবাবে তেওঁ বালিৰে নিৰ্মিত শিৱলিংগ সেঁতুত স্থাপিত কৰি দিয়ে।প্ৰভূ শ্ৰী ৰামে-সেঁতুত বালিৰে নিৰ্মিত শিৱলিংগ স্থাপন কৰি দিলে।
কিছু সময়ৰ পাছতে বীৰ হনুমানে কাশীৰ পৰা শিৱলিংগ আনি প্ৰভূ শ্ৰীৰামৰ কাষ পালেহি।তেতিয়া বীৰ হনুমানে দেখা পালে যে-প্ৰভূ ৰামে বালিৰে নিৰ্মিত শিৱলিংগ স্হাপন কৰিলে।
তেতিয়া বীৰ হনুমানে প্ৰভূ শ্ৰী ৰামক কলে-আপুনি মোক কাশীলৈ গৈ শিৱলিংগ আনিব কৈছিল।এয়া আনিলো।কিন্তু আপুনি বালিৰে নিৰ্মিত শিৱ লিংগ স্থাপন কৰিলে।
*বীৰ হনুমানৰ কথা শুনি প্ৰভূ শ্ৰী ৰামে কলে-তেওঁৰ ভূল হল।এনে কৰা যে-এই বালিৰে নিৰ্মিত শিৱ লিংগ তাৰপৰা আঁতৰাই দিয়া।তাৰপাছত তুমি কাশীৰ পৰা অনা শিৱলিংগ স্থাপিত কৰি দিম।
বীৰ হনুমানে প্ৰভূৰ আজ্ঞা পায়-নিজৰ নেগুৰে বালিৰে নিৰ্মিত শিৱলিংগ ধৰি-সেই শিৱলিংগ ওভালিবলৈ চেষ্টা কৰিলে।কিন্তু সেই শিৱলিংগ সেই ঠাইৰপৰা অলপো নলৰিল।
প্ৰথমে বীৰ হনুমানৰ আশ্বয্য হৈছিল।কিন্তু কিছু পৰৰ পাছতে-বীৰ হনুমানৰ নিজৰ ভুলৰ অনুভৱ হল আৰু তেতিয়া তেওঁৰ অহংকাৰ ভাঙিল আৰু প্ৰভূ শ্ৰী ৰামৰ ওচৰত ক্ষমা বিচাৰিলে।