মহাদেৱৰ ফটো বা শিৱ লিংগ ঘৰত আছে নেকি! যদি আছে ভুলটো এই কাম নকৰিব! নহলে মহাদেৱৰ তাণ্ডব সহ্য কৰিব লাগিব।
ভগৱান শিৱক পৃথিৱীৰ স্ৰষ্টা বুলি কোৱা হয়। যদি তেওঁ দয়া কৰে গোটেই জীৱন সমস্যাই স্পৰ্শ কৰিব নোঁৱাৰে আপোনাক। তদুপৰি ঘৰত সদায়ে সুখ, সমৃদ্ধি থাকে। কিন্তু মহাদেৱ বা মহাদেৱৰ পৰিয়ালৰ মূৰ্তিবোৰ ভুল দিশত ৰাখি, জীৱনৰ সংকটৰ সৃষ্টি কৰে।
বাস্তু শাস্ত্রই ভগৱান ভোলানাথৰ মূৰ্তি স্হাপন আৰু আলোকচিত্র ৰখা সম্পর্কীয় ৰখা কিছুমান গুৰুত্বপূৰ্ণ নিয়ম প্ৰদান কৰিছে। সেই নিয়ম সমূহ অনুসৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।
ঘৰত ভগৱান ভোলানাথৰ মূৰ্তি বা ছৱি এনে এক ঠাই হব লাগে যৰ পৰা তক তেওঁক সকলোৱে চাব পাৰে। ই সম্পর্কটো শক্তিশালী কৰে আৰু ইতিবাচকতা বৃদ্ধি কৰে।
মহাদেৱৰ ছৱি বা মূৰ্তি ঘৰত উত্তৰ দিশত থকাটো আটাইতকৈ শুভ বুলি গণ্য কৰা হয়। কিয়নো ভোলানাথ কৈলাশ নিবাসী আৰু কৈলাশ পৰ্ৱত উত্তৰ দিশত আছে।
মহাদেৱৰ ছৱি বা মূৰ্তিত, তেওঁ থিয় হৈ থকা ভংগীত নাইবা খহটা ৰূপত আছে, এই দুটি ভংগীৰ ভাস্কর্য্যবোৰ ঘৰত ৰখাটো হৈছে নিজেই ধ্বংসৰ আহ্বান জনোৱা।
সুখী ভংগীমাৰে মহাদেৱৰ এখন ছৱি লগোৱাটো ভাল। য’তেই মহাদেৱৰ প্ৰতিমুৰ্তি স্হাপন কৰা হৈছে বা ফটো তোলা হৈছে, সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগে। অন্যথা মহাদেৱৰ অসন্তুষ্টি জীৱনৰ ওপৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
*মহাকাল আৰু কালৰ মাজত পাৰ্থক্য-
*কালৰ অৰ্থ হৈছে-সময় বা মৃত্যু।যি সময় আৰু মৃত্যুৰ লগত আছে-সেৱা কালৰো কাল-মহাকাল হয়।মহাকাল বাবায়হে সময়ক নিয়ন্ত্ৰণ কৰে।সঞ্চালনো কৰে আৰু ৰখাবও পাৰে।ভগৱানৰ ওপৰত কালৰ কোনো প্ৰভাৱ নপৰে।তিনিও কাল মহাকালত সমৰ্পিত।পৰমেশ্বৰ হয় মহাকাল।
#সপোনত শিৱলিংগ দেখা-
*সপোনত শিৱলিংগ দেখা পূৰ্ৱ জন্মৰ পূজাৰ দ্বাৰা আহে আৰু ভগৱান শিৱক দেখাৰ ইচ্ছা কৰে।ধ্যানত-মহাদেৱক বহুত স্পষ্ট ভাৱে দেখা পোৱা যায়।শিৱলিংগৰ সপোন দেখাৰ অৰ্থ হৈছে-সমস্যা আৰু চিন্তাৰ নাশ।ধন আৰু ধানত লাভ।শিৱ লিংগৰ সপোন-সম্পূৰ্ণ হোৱাৰ সংকেত বা নিজৰ স্বয়ং অনুভৱত পূৰ্ণতা অহাৰ।কেৱল আমাৰ জীৱনৰ শক্তিক প্ৰতিনিধিত্ব কৰে-কাৰণ আমাৰ শৰীৰ আৰু ব্যক্তিক নিৰ্মাণ কৰে।ইয়াৰ আধাৰতে সৃষ্টিৰ নাৰী শক্তিও আছেে।
মাতা দূৰ্গাৰ জন্মৰ কথাৰে-
*শক্তি মাতাও অজন্মী হয়।কিন্তু তেওঁ দুবাৰ জন্ম লৈছিল।এবাৰ প্ৰজাপতি দক্ষৰ ঘৰত-দক্ষৰ পুত্ৰীৰ ৰূপত আৰু দ্বিতীয়বাৰ মহাৰাজ হিমাবতৰ পুত্ৰীৰ ৰূপে।পৰ্ৱতৰ ৰজাৰ পুত্ৰীৰ হোৱাৰ বাবে-দেৱী দূৰ্গাক শৈলপুত্ৰী কোৱা হয়।মাতা ৰাণীৰ সকলোতকে প্ৰমূখ নাম হৈছে-দেৱী পাৰ্ৱতী।
দেৱী পাৰ্ৱতীয়ে নিজৰ দূৰ্গা ৰূপ ধাৰণ কৰি-অসুৰৰ বিনাশ কৰে।মহাৰাজ হিমাবত আৰু আৰু ৰাণী মেনাবতী-দেৱী দূৰ্গাৰ পিতা-মাতা হয়।
#ভৈৰৱ মহাৰাজ-
*শিৱপুৰাণৰ অনুসাৰে-ভৈৰৱ ভগৱান-শিৱৰে অৱতাৰ হয়।মহাদেৱৰ অৱতাৰ হোৱাৰ পাছতো-ঘৰত ভৈৰৱ ভগৱানৰ প্ৰতিমা ৰখাটো অশুভ মনা হয়।ভৈৰৱ ভগৱানৰ মূৰ্তি মুকলি ঠাইত স্থাপিত কৰা হয়।ভৈৰৱ ভগৱান তন্ত্ৰৰ দেৱতা হয়।বিশেষকৰি ভৈৰৱ ভগৱানৰ পূজা তন্ত্ৰ কৰ্মৰ বাবে কৰা হয়।তন্ত্ৰ কৰ্ম ঘৰৰ বাহিৰতে কৰা হয়।সেইবাবে ঘৰত ভৈৰৱ ভগৱানৰ স্থাপিত কৰা নহয়।