মা মনসাক নাগ মাতা বোলা হয়। মা মনসা হৈছে-সমস্ত সংসাৰ’ৰ নাগৰ মাতা হয়।মা মনসাৰ কৃপা পালে-নাগৰপৰা ভয় নেথাকে। বহুতো পুৰাণত মা মনসাৰ বৰ্ণনা পোৱা যায়। ( Religious Studies )
বিষ্ণু পুৰাণৰ চতুর্থ খণ্ডত এক নাগ কন্যাৰ বৰ্ণনা আছে। যিয়ে আগলৈ মা মনসাৰ নাম প্ৰচলিত হল। ব্ৰহ্মা বৈভৱ পুৰাণৰ মতে-এক নাগ কন্যা আছিল-সেই নাগ কন্যা’ই ভগৱান শিৱ আৰু ভগৱান শ্রী কৃষ্ণৰ ভক্ত আছিল।। সেই নাগ কন্যাই বহু বছৰ কাল তপ কৰিছিল। আৰু ভগৱান শ্রী কৃষ্ণ আৰু ভগৱান শিৱৰ মন্ত্র জ্ঞান লাভ কৰিছিল সেই মন্ত্রই আগলৈ গৈ কল্পতৰু মন্ত্র নাম পায়।।
মনসা দেৱী সাপৰ সৈতে পদুম ফুলত বহি থাকে সাত নাগে তেওঁক ৰক্ষা বাবে-সদায়ে বিদ্যামান থাকে। বহু ফটোত তেওঁক এটি শিশু লগত দেখা যায়। সেই শিশুটি দেৱীৰ পুত্র-আস্তিক হয়।
মা-মনসাৰ জন্ম কথাৰে-
এসময়ত ভগৱান শিৱ আৰু মাতা পাৰ্ৱতীয়ে-কৈলাশৰ দিব্য এটি পুখুৰীৰ কাষত নৃত্য কৰি আছিল। নটৰাজ দেৱাদিদেৱ মহাদেৱ আৰু আদি শক্তি মাতা পাৰ্ৱতীৰ অলৌকিক নৃত্য’ৰপৰা এক তীব্ৰ ৰশ্মিৰ উৎপন্ন হল আৰু সেই পোহৰ পুখুৰীত থকা পদুমৰ পাতত পৰিলেগৈ।
আৰু পোহৰ দেখি তালাপত থকা-নাগ নাগিন আগবাঢ়ি আহিল।আৰু সেই অলৌকিক পোহৰক নিজৰ দেহত সামৰি ললে।। ইয়াৰপৰাই নাগ কন্যাৰ জন্ম হল।যাক নাম দিয়া হল-মনসা। ( Religious Studies )
ভগৱান শিৱ পাৰ্ৱতীয়ে নিজৰ কন্যাক কৈলাশ্যলে লৈ গল। তাতে মনসাই নিজৰ ককায়েক বাসুকীৰ লগত বসবাস কৰিবলৈ ললে।
…মহাভাৰতৰ অনুসাৰে যেতিয়া সমুদ্র মন্থন কৰোতে হলাহল নামৰ বিষ উলাইছিল-তেতিয়া মহাদেৱে প্ৰাণ কৰি-সমস্ত সৃষ্টিৰ ৰক্ষা কৰিলে।
তেতিয়া কোৱা হয় যে-দেৱী মনসাই মহাদেৱৰ কন্ঠত বিষখিনি ৰাখি দিছিল। তেতিয়া মহাদেৱ মা মনসাৰ ওপৰত সুখী হৈ-বৰদান দিলে যে-তোমাৰ পূজা-অৰ্চনা পৃথিৱীত কৰা হব।