মহাদেৱে সদায়ে ধ্যানত বিলীন হৈ থাকে। সেই সময়ত ভগৱান শিৱই, তেওঁ নিজৰ আৰাধ্য দেৱৰ ধ্যান কৰে। এই কথা পদ্ম পুৰাণৰ ১৮খণ্ডত বৰ্ণন কৰা হয়। ( Religious Studies )
পদ্ম পুৰাণত বৰ্ণিত কথা অনুসাৰে
এদিন মাতা পাৰ্ৱতীয়ে মহাদেৱক সুধিলে প্ৰভূ আপুনি কৃপা কৰি কব যে, আপুনি যেতিয়া ধ্যানত বিলীন থাকে তেতিয়া আপুনি কাৰ ধ্যান কৰে! তেতিয়া ভগৱান শিৱই কলে, হে দিবেশ্বৰী মই তোমাৰ এই প্ৰশ্ন উত্তৰ অতি সোনকালেই দিম।
আৰু কিছু দিনৰ পাচত ভগৱান শিৱ বুদ্ধ কৌশিক নামৰ মুনিৰ সপোনত আহিল আৰু ভগৱান শিৱই মুনিক আদেশ কৰিলে যে, তুমি ৰাম ৰক্ষা মন্ত্র লিখা। কিন্তু মুনিয়ে সপোনতে বৰ বিনম্ৰতাৰে ভগৱান শিৱক কলে, প্ৰভূ মই ৰাম ৰক্ষা মন্ত্র লিখিবলৈ সমৰ্থন নহয়।
তেতিয়া ভগৱান শিৱই সপোনতে মুনিকৰাম ৰক্ষা মন্ত্র কয় শুনালে। পাচদিনা সেই মন্ত্র মুনিয়ে লিখিলে।
তাৰে পাচত ভগৱান শিৱই মাতা পাৰ্ৱতীক কলে, হে দেৱী মই সদায়ে ৰাম নামৰ স্মৰণ কৰো। এই কথা শুনি মাতা পাৰ্ৱতীয়ে ভগৱান শিৱক সুধিলে, হে স্বামী, শ্ৰী ৰাম ভগৱান বিষ্ণুৰ অৱতাৰ হয়। আপুনি ভগৱান বিষ্ণুক স্মৰণ নকৰি ৰাম নামৰ কিয় স্মৰণ কৰে! তেতিয়া ভগৱান শিৱই কলে, হে দেৱী মই ৰাম নামৰ স্মৰণ এই বাবেই কৰো, কাৰণ পিয়াঁহত থকা মনুষ্যই বৰ আদৰৰে জলক স্মৰণ কৰে। ঠিক তেনেদৰে মইও ব্যকুল হৈ, শ্রী বিষ্ণুৰ স্বৰূপৰ স্মৰণ কৰো, যি দৰে শীতত কপোঁৱা সংসাৰৰ সকলোৱে অগ্নিৰ স্মৰণ কৰে, সেইদৰে দেৱতা, মুনি, মনুষ্যই ভগৱান বিষ্ণুক চিন্তন কৰে।
যি দৰে পতিব্ৰতা নাৰীয়ে সদায়ে নিজৰ স্মামীক স্মৰণ কৰে, যি দৰে ভয়াতুৰ মনুষ্যই নিৰ্ভয়তাৰ আশ্ৰয় স্হান বিচাৰে, ধনৰ লুভীয়াই ধনৰ চিন্তন কৰে, আৰু পুত্র কামনাৰে মনুষ্যই পুত্র বাবে প্ৰাৰ্থনা কৰে, ঠিক তেনেদৰে মইও শ্রী বিষ্ণুৰ ৰাম ৰূপক স্মৰণ কৰো।।
পূৰ্ৱ কালত ভগৱান বিষ্ণুৰ দ্বাৰা সম্পূর্ণ জগত কৰ্মৰ অধীন হয়, তেনেদৰে শ্রী ৰাম নামৰ জপ কৰিলে, বেয়াবোৰৰ নাশ হয়। ৰাম নাম বিষ্ণু নামৰ সমান হয়। সেইবাবে মই সদায়ে ৰাম নামৰ জপ কৰো।
ভগৱান ৰামে নিজেও ভগৱান শিৱৰ আৰাধনা কৰে। ৰামৰ মন্দিৰত শিৱ লিংগ থাকে। ভগৱান ৰামে কেতিয়াও ভগৱান শিৱৰ স্মৰণ নকৰাকৈ কোনো কাৰ্য্য নকৰিছিল।।