ভুলতো কাৰোৰেপৰা এই সমূহ বস্তু বিনামূলীয়াকে নলব!

1 min read

বাস্তু শাস্ত্ৰত-এনে কিছুমান কথা কোৱা হৈছে-যিবোৰ গুৰুত্ব নিদিলে জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হব পাৰে।তেনে কথাৰ ভিতৰতে হৈছে-কিছুমান বস্তু বিনামূলীয়াকৈ গ্ৰহণ নকৰা।

যদি-এই বস্তুবোৰ কাৰোবাৰ পৰা বিনামূলীয়াকৈ লোৱা হয়-তেনেহলে ইয়াৰ পৰা বাস্তু-দোষৰ সৃষ্টি হয়। দেৱী লক্ষ্মী অসন্তষ্ট হয় আৰু জীৱনলৈ দ্ৰুতগতিত দৰিদ্ৰতা আহে।বাৰে বাৰে ধন হেৰুৱাই আৰু প্ৰগতিৰ পথ বন্ধ হৈ যায়।

*নিমখ-

বাস্তু শাস্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি-নিমখৰ সম্বন্ধ শনিৰ সৈতে আছে।যদি-কাৰোবাৰ পৰা বিনামূলীয়াকে নিমখ লৈ-ব্যৱহাৰ কৰে-তেনেহলে সেই লোকজনৰ ধাৰ বাঢ়ে।সেই লোকজনক বহু ৰোগে আগুৰি ধৰে আৰু চাওঁতে-চাওঁতে-লোকজনৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটে।

২/বেজী-

বিনামূলীয়াকৈ-কাৰোৰে পৰা কেতিয়াও-বেজী নলব।এনে কৰিলে-সম্পৰ্ক নষ্ট হয়।বিনামূলীয়াকৈ লোৱা বেজী ব্যৱহাৰ কৰিলে-বৈবাহিক জীৱন আৰু প্ৰেমৰ সম্পৰ্কৰ ওপৰত বেয়া প্ৰভাৱ পৰে।লগতে-আৰ্থিকভাৱে লোকচান হয়।গতিকে-বেজী নিজে কিনিহে ব্যৱহাৰ কৰক।

৩/ৰুমাল-

কাৰোবাৰ ৰুমাল ব্যৱহাৰ কৰা বা উপহাৰ হিচাপে ৰুমাল দিয়া-ডাঙৰ ক্ষতিৰ কাৰণ হব পাৰে।বিনামূলীয়াকৈ লোৱা-ৰুমাল ব্যৱহাৰ কৰা-সম্পৰ্কিত লোকজনৰ-সৈতে আপোনাৰ কাজিয়াৰ কাৰণ হব পাৰে।তাৰ দ্বাৰা সম্পৰ্ক ভাঙিব পাৰে।

৪/লোহা-

লোহাৰ সৈতেও-শনিৰ সম্পৰ্ক আছে।কুণ্ডলীত যদি-শনি অশুভ হৈ আছে-তেন্তে শনিৰ সৈতে-সম্পৰ্কিত বস্তুদান কৰিব লাগে।যাতে-সমসাবোৰৰ পৰা সকাহ পাব পাৰে।একে-সময়তে কাৰোবাৰ পৰা-বিনামূলীয়াকৈ লোহা বা লোৰ সামগ্ৰী লোৱাটো-সমস্যাবোৰৰ নিজেই আমন্ত্ৰণ কৰা হয়।ইয়াৰ ফলত-ঘৰলৈ দৰিদ্ৰতা,জীৱনত বাধা,চাপ আদিৰ কাৰণ হয়।

৫/তেল-

শনিৰ দোষ-কষ্টৰ পৰা সকাহ পাবলৈ-তেল দান কৰা বা শনিদেৱক-তেল আগবঢ়োৱাটো অতি কাৰ্য্যকৰী উপায় বুলি গণ্য কৰা হয়।কিন্তু-কাৰোবাৰ পৰা বিনামূলীয়াকে তেল ললে-আপোনাক ডাঙৰ সমস্যাত পেলাব পাৰে।এনে কৰাৰ দ্বাৰা-আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হব পাৰে।আপুনি বেয়াকৈ আৰ্থিক সমস্যাৰ-ভুক্তভোগী হব পাৰে। (সংগ্ৰহিত)

You May Also Like

More From Author