আচাৰ্য্য চাণক্য আছিল-এজন মহান কৌশলবিদ-ৰাজনীতিবিদ, কুটনীতিবিদ-অৰ্থনীতিবিদ।আচলতে তেওঁ কেৱল জীৱনৰ সকলো দিশতে গভীৰভালেই অধ্যয়ন কৰাই নহয়-মানুহৰ জীৱন-ধাৰণৰ পদ্ধতিৰ বিষয়েও এক বিস্তৃত ধাৰণ দিছিল।আজিও তেওঁৰ কথাবোৰক চিৰন্তৰ বুলি গণ্য কৰা হয়।
আচাৰ্য্য চাণক্যই জীৱনত দিয়া নীতি সমূহ-মানি চলিলে তেওঁ-জীৱনত চৰম উন্নতি সাধন কৰিবলৈ সক্ষম হব।কথাত আছে যে-এজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰীৰ অৱদান থাকে। এই-৪টা গুণ নাৰীৰ থাকিলে-স্বামী সুখী হয়।
পত্নীৰ এই চাৰিটা গুণ থাকিলে-স্বামী সুখী হয়।
১/শান্ত মহিলা-
আচাৰ্য্য চাণক্যৰ মতে-অত্যন্ত শান্ত নাৰীক-দেৱী লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়।এজনে পুৰুষে যদি জীৱনত কোনোবা নিৰৱ-শান্ত পত্নীৰ সমৰ্থন পায়-তেন্তে তেওঁক অতি ভাগ্যৱান বুলি গণ্য কৰা হয়।ঘৰত সুখ-শান্তি বজাই ৰখাৰ লগত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে-এই সকল মহিলাই।আৰু পৰিয়ালটো সমৃদ্ধিশালী হয়।
২/যি গৰাকী নাৰীৰ ইচ্ছা সীমিত-
আচাৰ্য্য চাণক্যই-তেওঁৰ প্ৰবাদত কৈছে যে-যি গৰাকী নাৰীৰ ইচ্ছা সীমিত-তেওঁৰ স্বামী অতি সৌভাগ্যৱান।চাণক্য নীতিতি কোৱা হৈছে যে-বহুক্ষেত্ৰত স্বামীয়ে পত্নীৰ ইচ্ছা পূৰণৰ বাবে-দৈনিক কাৰ্য্যত লিপ্ত হয়।যাৰ বাবে-তেওঁ বহু বিপদৰ সন্মুখীন হবলগীয়া হয়।কিন্তু নাৰীৰ ইচ্ছা সীমিত হলে-অৰ্থাৎ অলপতে সুখী হলে-স্বামীৰ জীৱনটো সুখী হৈ পৰে।
৩/সততা থকা মহিলা-
*যিগৰাকী নাৰীৰ মাজত সততা থাকে-সেই নাৰীৰ স্বামী বহুত সুখী হয়।সেইবাবে এজনী মহিলাৰ সতত থকাটো অতি প্ৰয়োজন।আৰু যিগৰাকী মহিলাৰ সততা আছে-তেওঁৰ স্বামী অত্যন্ত সুখী।
৪/মধ্যমীয়া-
* আচাৰ্য্য চাণক্যৰ মতে-যিজন পুৰুষৰ পত্নী বিনয়ী হয়-তেন্তে তাতকৈ সৌভাগ্যৱান পৃথিৱীত কোনো নাই।এনে গুণ থকা নাৰীক-বিয়া কৰোৱা পুৰুষজনে সুখী জীৱন-যাপন কৰিব পাৰে।তদুপৰি এই গুণ থকা নাৰীয়ে আত্মীয়-স্বজন বা ওচৰ-চুবুৰীয়াৰ লগত ভাল সম্পৰ্ক বজাই ৰাখে।(সংগ্ৰহিত)।