বাস্তু অনুসাৰে-এই ৫টা বস্তু ঘৰত থাকিলে-মা লক্ষ্মীৰ আৰ্শীবাদ সদায়ে থাকে।( Religious Studies )
*বাস্তু শাস্ত্ৰত-এনে কিছুমান উপায়ৰ কথা কোৱা হৈছে যে-এই উপায়সমূহ কৰিলে-ভাগ্য প্ৰৱল হয়।
*প্ৰতিজনে বিচাৰে যে-তেওঁৰ জীৱন সুখ-সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ থকাটো।যাৰ বাবে-দিনে ৰাতিয়ে কষ্ট কৰে।কিন্তু বহু বাৰ-বহু প্ৰয়াস কৰাৰ পাছতো-যেতিয়া সফলতা প্ৰাপ্ত নহয়-তেতিয়া সেয়াক ভাগ্যৰ দোষ মনা হয়।কিন্তু বাস্তু শাস্ত্ৰত এনে-কিছুমান উপায়ৰ কথা কোৱা হয় যে-যাক মানিলে ভাগ্য প্ৰৱল হয়।যাক কৰিলে-উচিত ফল প্ৰাপ্তৰ সম্ভাৱনা বৃদ্ধি হয়।
*বাস্তু শাস্ত্ৰ অনুসাৰে-উত্তৰ দিশক-ধনৰ দেৱতাৰ দিশ মনা হয়।সেইবাবে-ঘৰৰ এই দিশত কুবেৰ দেৱতাৰ প্ৰতিমা ৰাখিব লাগে।লগতে এই কথা মন কৰিব লাগে যে-ঘৰৰ তিজৰিৰ মুখ-এই দিশতে খুল খাব লাগে।মান্যতা অনুসাৰে-এনে কৰিলে ঘৰত কোনোদিন ধনৰ অভাৱ নহয়।
*ইয়াৰ বাহিৰেও ধন-সম্পত্তিৰ বৃদ্ধিৰ বাবে ঘৰৰ উত্তৰ-পূৰ্ৱ দিশত ভগৱান শ্ৰী গণেশ আৰু মা লক্ষ্মীৰ প্ৰতিমা অৱশ্যে ৰাখিব।লগতে-পুৱা গধূলী সদায় বন্তি জ্বলাব লাগে।আৰু মা লক্ষ্মী আৰু ভগৱান গণেশৰ আৰতী কৰিব লাগে।মান্যতা-অনুসাৰে এনে কৰিলে-ধনৰ অভাৱৰ সন্মুখীন হবলগীয়া নহয়( Religious Studies )
।
*ঘৰত সদায়ে-ধন-ধান থাকিবলৈ-কাচৰ এটা ডাঙৰ পাত্ৰত-পানী দি-ৰূপৰ মুদ্ৰা দি ৰাখিব লাগে।মান্যতা-অনুসাৰে এনে কৰিলে-মা লক্ষ্মীৰ বিশেষ কৃপা লাভ হয়।
*বাস্তু অনুসাৰে-ঘৰৰ উত্তৰ দিশত নীলা ৰংৰ পিৰামিড ৰাখিলে-ধনৰ ভণ্ডাৰ কেতিয়াও খালী নহয়।
*ঘৰত সুখ-সমৃদ্ধি বৰ্তি থাকিবলৈ-ঘৰত তুলসী আৰু আমলখি উদ্ভিদ ৰোপণ কৰিব লাগে।এনে কৰিলে-ধন-ধান বৃদ্ধি হয়।
*ঘৰত ধাতুৰ কাছ ৰখাটো-শুভ মনা হয়।ৰূপ-তাম বা কাচৰ ধাতুৰে নিৰ্মিত কাছ ঘৰত ৰাখিব পাৰে।ইয়াৰ দ্বাৰা উন্নতিৰ বাট মুকলি হয়।
*ঘৰত ৰূপৰ হাতী ৰখাটো-বহুত শুভ মনা হয়।ইয়াৰ দ্বাৰা ব্যপাৰ বাণিজ্যত-উন্নতি হয়।।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।