সগৰ ইক্ষাকু বংশৰ ৰজা আছিল। পুত্র প্ৰাপ্তৰ বাবে তেওঁ শিৱক আৰাধনা কৰিছিল। শিৱ সন্তস্ত হৈ সগৰ ৰজাক ষাঠি হেজাৰ পুত্র হোৱাৰ বৰ দিলে।
সগৰ ৰজাই অশ্বমেধ যজ্ঞৰ আয়োজন কৰিলে। এই খবৰ পায় দেৱৰাজ ইন্দ্ৰই যজ্ঞৰ ঘোঁৰাটোক চুৰ কৰি নি পাতালত কপিল মুনিৰ আশ্ৰমত বান্ধি থলেগৈ। ইফালে ঘোঁৰা বিচাৰি গৈ গৈ সগৰ ৰজাৰ পুত্রগণে কপিল মুনিৰ আশ্ৰমত ঘোঁৰাটো বান্ধি থোৱা দেখি মুনিক চোৰ বুলি তিৰষ্কাৰ কৰিলে। খংতে কপিল মুনিয়ে সকলোকে শাপ দি ভষ্ম কৰিলে।
পুত্র আৰু ঘোঁৰা নহা দেখি সগৰ ৰজাই নিজৰ নাতি অংশুমানক পথিয়ালে। অংশুমানে বিচাৰি গৈ কপিল মুনিক লগ পাই ঘোঁৰাটোৰ কথা সুধিলে। অংশুমানৰ ব্যৱহাৰৰ সন্তস্ত হৈ কপিল মুনিয়ে সকলো কথা কলে। লগতে ঘোঁৰাটো দি কলে যে, গংগাক পৃথিৱীলৈ আনি শাপগ্ৰস্ত সকলৰ ভষ্মৰ ওপৰেদি বোৱাই নিলে তেওঁলোকে মুক্তি পাব।
গংগাক পৃথিৱীলৈ আনিবলৈ অংশুমানে ব্ৰহ্মাক তপস্যা কৰিলে। (ব্ৰহ্মাৰ কমণ্ডলুত গংগা থাকে। বহু বছৰৰ পাছত তেওঁৰ মৃত্যু হল)। তেতিয়া অংশুমানৰ পুত্রই তপস্যা কৰিলে। তেওঁৰো মৃত্যু হল। অৱশেষত সগৰ ৰজাৰ আজো নাতি ভগীৰথে ব্ৰহ্মাক তপস্যা কৰিলে। তেতিয়া ব্ৰহ্মাই সন্তস্ত হৈ কলে, গংগাৰ বেগ পৃথিৱীয়ে সহ্য কৰিব নোঁৱাৰিব। তুমি মহাদেৱক প্ৰাৰ্থনা কৰা, তেওঁহে পাৰিব।
ভগীৰথে শিৱক তপস্যা কৰিলে। শিৱ সন্তষ্ট হৈ, তীব্র বেগী গংগাক জটাত ধাৰণ কৰিবলৈ সন্মত হল। গংগাই শিৱক উটুৱাই নিবলৈ চেষ্টা কৰাৰ বাবে, শিৱই বহুতদিন গংগাক জটাৰ মাজত আৱদ্ধ কৰি ৰাখিলে। পুনৰ ভগীৰথে শিৱক প্ৰাৰ্থনা কৰাত, শিৱই গংগাক মুক্ত কৰি দিলে। তেতিয়া সাতোটা ধাৰাৰে গংগা পৃথিৱীলৈ নামিল।
তিনিটা ধাৰা পূৱলৈ আৰু তিনিটা ধাৰা পশ্চিমলৈ গতি কৰিলে। মাত্র এটি ধাৰাই ভগীৰথক অনুসৰণ কৰিলে। ভগীৰথ ৰথত উঠি গংগাৰ আগে আগে গৈ পাতাল পালেগৈ। তাতেই সগৰ ৰজাৰ পুত্রৰ ভষ্মৰ ওপৰেদি প্ৰবাহিত হৈ তেওঁলোকক মুক্তি দিলে।
ভগীৰথক অনুসৰণ কৰি যোৱাৰ বাবে, গংগাৰ সেই ধাৰাটিক ভগীৰথী বুলি জনাজাত।।
#দেৱী গংগাৰ বাহন-ঘঁৰিয়াল
*দেৱী গংগাৰ বাহন ঘঁৰিয়াল হয়।সিন্ধু,গংগা,নৰ্মদা।ব্ৰহ্মপুত্ৰ,কাবেৰী আদি নদীত-বিচৰণ কৰা প্ৰমুখ প্ৰাণী ঘঁৰিয়াল হয়!
বৈজ্ঞানিকে কয় যে-ঘঁৰিয়ালে প্ৰতিটো পৰিস্থিতিতে জীয়াবলৈ জানে।পৃথিৱীত ঘঁৰিয়ালৰ অস্বিত্ব প্ৰায়-২৫কোটি বছৰৰ পৰা বিদ্যামান হয়।
*জলত ঘঁৰিয়ালৰ অনুপস্থিতিত পাৰিস্থিতিক তন্ত্ৰ বেয়া হব পাৰে।বৰ্তমানত বিজুলী উৎপাদনৰ নামত-নৰ্মদা আৰু গংগা নদীৰ হত্যা কৰা হৈছে।
গংগা আৰু নৰ্মদা নদীৰ হত্যা কৰাৰ বাবে-জলৰ ৰজা ঘঁৰীয়াল তথা বহু প্ৰাণীৰ অস্তিত্ব সংকটত আছে।আৰু বহু প্ৰাণীয়ে নিজৰ অস্বিত্ব হেৰুৱালে।গংগা নদীৰ দুৰ্লভ দলফিনে নিজৰ অস্তিত্বৰ সংকটৰ লগত যুঁজি আছে।
*ধৰ্ম গ্ৰন্থত দেৱী গংগাৰ বাহন-ঘঁৰিয়াল কোৱা হৈছে।ইয়াৰ অভিপ্ৰায় এয়াই যে-আমি জলত থকা সকলো প্ৰাণীৰে ৰক্ষা কৰিব লাগে।নিজৰ স্বাৰ্থৰ বাবে-এইসমূহৰ চিকাৰ কৰাটো উচিত নহয়।কাৰণ জলত থকা প্ৰতিটো প্ৰাণীয়ে পাৰিস্থিতিক তন্ত্ৰত নিজৰ মৰ্হত্বপূৰ্ণ ভূমিকা পালন কৰে।এইসমূহ প্ৰাণীৰ অনুপস্থিতত পাৰিস্থিতিক তন্ত্ৰ বেয়া হব পাৰে।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।