১ এপ্ৰিলৰ পৰা অসমত বৃদ্ধি হ’ব বিদ্যুতৰ ফিক্সড চাৰ্জ

1 min read

অহা ১ এপ্ৰিলৰ পৰা ৰাজ্যত বিদ্যুত্‍ ফিক্সড চাৰ্জ বৃদ্ধি কাৰ্যকৰী হ’ব। এতিয়াৰে পৰা প্ৰতিজন বিভিন্ন শ্ৰেণীৰ বিদ্যুৎ গ্ৰাহকসকলে প্ৰতিমাহে প্ৰতি kw/kvত ফিক্সড চাৰ্জ হিচাপে অতিৰিক্ত মাচুল ১০ টাকাকৈ ভৰিব লাগিব। অসম বিদ্যুৎ বিতৰণ কোম্পানীয়ে ৰাজহ বৃদ্ধিৰ স্বাৰ্থত কৰা প্ৰস্তাৱৰ ভিত্তিত অসম বিদ্যুত্‍ আয়োগে এই মাচুল বৃদ্ধিত অনুমোদন জনাইছে। বিদ্যুৎ গ্রাহকে পূর্বে ফিক্সড চাৰ্জৰ বাবদ প্ৰায় ১২০ টকা পৰিশোধ কৰি আহিছিল আৰু এতিয়াৰে পৰা প্ৰতি প্ৰতি kw/kvত ১০ টকাকৈ প্ৰায় ৪০টকা অতিৰিক্ত মাচুল আদায় দিব লাগিব।

অসম বিদ্যুৎ নিয়ামক আয়োগে জাৰি কৰা এক জাননীত প্ৰকাশ কৰা মতে আয়োগে APGCL, AEGCL আৰু APDCLৰ বিদ্যুৎ নিৰিখ অহা এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন কৰিছে। উল্লেখ্য যে, APDCLএ তেওঁলোকৰ আবেদনত ফিক্সড চার্জ প্রতি মাহে প্রতি kw/kv ১৫ টকাৰ পৰা ৭৫ টকা পর্যন্ত বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল। কোম্পানীটোৱে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকসকলৰ বাবে বৰ্তমান প্রযোজ্য হৈ থকা FPPPA চার্জকে ধৰি এনার্জি চার্জ প্রতি ইউনিটত ১ টকাৰ পৰা ৩ টকাপর্যন্ত বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু নিয়ামক আয়োগে আবেদনকাৰীৰ নিৰিখ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰাহ্য নকৰি তাৰ পৰিবৰ্তে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ চনৰ নিৰিখ প্রায় ১.২ শতাংশ হ্রাস কৰাৰহে অনুমোদন জনাইছে। মন কৰিবলগীয়া যে, নিয়ামক আয়োগে সকলো শ্ৰেণীৰ এনাজী চার্জ প্রতি ইউনিটত ১০ৰ পৰা ২০ পইচা পর্যন্ত হ্ৰাস কৰিছে।
আনহাতে, সামগ্ৰিক ৰাজহ প্রয়োজনৰ স্বাৰ্থত অসম বিদ্যুৎ নিয়ামক আয়োগে সকলো শ্ৰেণীৰ গ্ৰাহকৰ বাবে ফিক্সড চার্জ প্রতি মাহে প্রতি kw/kvত ১০ টকাকৈ বৃদ্ধি কৰাতো অনুমোদন জনাইছে। এতিয়া ২০২৩- ২৪ বিত্তীয় বৰ্ষৰ কাৰণে গড় যোগানৰ মূল্য প্রতি ইউনিটত ৮.০২ টকা হৈছে যি ২০২২-২৩ বিত্তীয় বৰ্ষৰত ৮.১৪ টকা আছিল।

You May Also Like

More From Author