নাগমণিৰ কথাৰে…

1 min read

*বৰাহমিহিৰৰ দ্বাৰা ৰচিত-বৃহস্তসংহিতাৰ অনুসৰি-নাগমণি কোনো?কাল্পনিক বস্তু নহয়।নাগমণি এই পৃথিৱীত আছে।নাগমণিক সৰ্পমণি নামেৰেও জনা যায়।( Religious Studies )

কোৱা হয় যে- নাগমণি নাগৰ শিৰত থাকে।এনে নাগ বহুত দুৰ্লভ হয়।প্ৰায়সকলে এয়ে কয় যে-এই পৃথিৱীত কোনো নাগ মণিধাৰী নহয়।নাগমণিক লৈ কোৱা হয় যে- নাগমণি অগ্নিৰ দৰে জিলিকি থাকে,আৰু নাগমণি যি ঠাইত থাকে-সেই ঠাইৰ চাৰিওফালে পোহৰে পোহৰ হয়।

*উপলব্ধ কথাৰে-নাগমণি অন্য মণিৰ তুলনাত বেছি প্ৰভাশালী আৰু আলৌকিক হয়।যি লোকৰ ওচৰত নাগমণি থাকে-সেইজন নিৰোগী হয় আৰু কোনো ধৰণৰ ৰোগ নহয়।আৰু যি লোকৰ ওচৰত নাগমণি থাকে- সেইজনক কোনো ধৰণৰ বিষৰ প্ৰভাৱ নহয়।

বৰাহমিহিৰে বৃহস্তসংহিতাত কৈছে যে-যি ৰজাৰ ওচৰত নাগমণি আছিল-সেই ৰজায় নিজৰ শক্ৰৰ ওপৰত সদায়ে বিজয় প্ৰাপ্ত কৰিছিল।এনে ৰজাৰ ৰাজ্যত সময়ত বাৰিষা হৈছিল-তেওঁৰ প্ৰজাসকলো সদায়ে সুখী হৈছিল।

ভগৱান শংকৰ অলপ ভক্তি,বেলপাত আৰু জলৰ দ্বাৰাই প্ৰসন্ন হয়।পুৰাণৰ অনুসাৰে-সমুদ্ৰ মন্থনৰ সময়ত-যেতিয়া কালকুট।বিষ ওলাল,তেতিয়া এই বিষৰ প্ৰভাৱত সকলো দেৱী-দেৱতা,জীৱ-জন্তু ব্যকুল হল।সকলোতে সাহাকাৰ লাগিল।সম্পূণ সৃষ্টিৰ ৰক্ষাৰ বাবে-দেৱতা আৰু অসুৰে ভগৱান শিৱক প্ৰাৰ্থনা কৰিলে।তেতিয়া মহাদেৱে-এই বিষক নিজৰ হাতত লৈ-পান কৰিলে।

 

 

বিষৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিবলৈ-মহাদেৱে এই বিষকে নিজৰ কন্ঠতে ৰাখিলে।যাৰ বাবে-মহাদেৱৰ কন্ঠ নীলা হৈ পৰিল।সেইবাবে মহাদেৱক নীলকন্ঠ বোলে।কিন্তু বিষৰ তীব্ৰ জ্বলনৰ পৰা মহাদেৱৰ মস্তিষ্ক গৰম হৈ গল।সেই সময়ত-দেৱতাসকলে মহাদেৱৰ মস্তিষ্কৰ গৰম নাইকিয়া কৰিবলে-মহাদেৱৰ ওপৰত জল ধালিলে আৰু ঠাণ্ডা প্ৰকৃতিৰ হোৱাৰ বাবে-বেলপাত অৰ্পণ কৰিলে।

সেইবাবে-জল আৰু বেলপাতেৰে পূজা কৰা ভক্তসকলৰ ওপৰত মহাদেৱে নিজৰ কৃপা বৰষে।লগতে এয়াও মনা হয় যে-বেলপাত মহাদেৱক অৰ্পণ কৰিলে-দৰিদ্ৰতা দূৰ হয় আৰু সৌভাগ্যশালী হয়।

You May Also Like

More From Author