ঘৰত ভগৱানৰ মূৰ্তি ৰখাৰ নিয়ম

1 min read

আমাৰ সকলোৰে ঘৰত এখন পূজা স্থল থাকে।তাত সকলোৱে ভগৱানৰ প্ৰতিমা ফটো স্থাপিত কৰি পূজা-অৰ্চনা কৰে।আমাৰ হিন্দু শাস্ত্ৰত বহু কেইগৰাকী দেৱী-দেৱতা আছে।ইয়াৰে মাজত কোনজন ভগৱানৰ পূজা কৰিবৰ বাবে-ঘৰত ৰখা হয়-ইয়াৰ বিষয়ে সকলোৱে নাজানে।( Religious Studies )

*ঘৰত সূৰ্য্য ভগৱান-

ভগৱান শ্ৰী গণেশ, শ্ৰী বিষ্ণু,ভগৱান শংকৰ, বীৰ হনুমান, মা দূৰ্গা আৰু অন্য দেৱী,মাতা পাৰ্ৱতীৰ মূৰ্তি ৰাখিব পাৰে।

*ঘৰত নটৰাজ শংকৰৰ মূৰ্তি,মাতা মহা কালীৰ মূৰ্তি, শনিদেৱৰ মূৰ্তি,ভৈৰৱ নাথৰ মূৰ্তি,মাতা লক্ষ্মীৰ থিয় হৈ থকা মূৰ্তি, ৰাহু-কেতুৰ মূৰ্তি,তথা একেজন দেৱতাৰে -দুটা মূৰ্তি ৰাখিব নালাগে।

*প্ৰায়লোকে নিজৰ ঘৰত-ভগৱানৰ মূৰ্তি কোনো নিয়ম নজনাকে-কোনো ঠাইতে স্থাপিত কৰি দিয়ে।কিন্তু ভগৱানৰ মূৰ্তি ৰখাৰ নিয়ম থাকে।নিয়মৰ অনুসাৰে-ভগৱানৰ মূৰ্তিৰ স্থাপনা কৰিব লাগে।তেতিয়াহে শুভ ফল প্ৰাপ্ত হয়।

*ঘৰত ভগৱানৰ মূৰ্তিৰ ৰখাৰ নিয়ম-

*বাস্তু শাস্ত্ৰ অনুসাৰে-এয়া মনা হয় যে-ভগৱানৰ বহুত মূৰ্তি একেলগে ৰাখিব নালাগে।লগতে-ভগৱানৰ বহুত মূৰ্তি একেলগে লগাবও নালাগে।বাস্তু অনুসাৰে-এয়া অশুভ হয়।( Religious Studies )

*ভগৱানৰ মূৰ্তি তলত ৰঙা কাপোৰ পাৰিব নালাগে।যদি ভগৱানৰ মূৰ্তি ঘৰত- উত্তৰ বা উত্তৰ-পূৰ্ৱ দিশৰ ফালে আছে-তেন্তে ভগৱানৰ মূৰ্তি তলত সেউজীয়া বা নীলা ৰংৰ কাপোৰ পাৰিব লাগে।
*আমি সকলোৱে ভগৱানৰ মূৰ্তি স্থাপনা কৰাৰ পাছত-মালা পিন্ধাও। যদি আপুনিও মূৰ্তিত মালা পিন্ধাইছে-তেন্তে সেই মালা ৰঙা হব লাগেে।

*ঘৰৰ মন্দিৰত অকলশৰীয়াকে শিৱ লিংগ স্থাপিত কৰিব নালাগে।ভগৱান শিৱৰ পৰিয়ালৰ ফটো বা মূৰ্তি ৰাখিব পাৰে।ইয়াৰ দ্বাৰা ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি হয়।

*ঘৰত ভগৱানৰ মূৰ্তি স্থাপন কৰাৰ পাছত-ভগৱানক কুমকুম বা চন্দনৰ তিকা লগাব লাগে।

*ঘৰত ভগৱানৰ পাথৰৰ বা-ধাতুৰ মূৰ্তি ঘৰত ৰাখিব পাৰে।

*ঘৰৰ শোৱনি কোঠাত সকলো ধৰণৰ ভগৱানৰ মূৰ্তি বা ফটো ৰাখিব নালাগে।শোৱনি কোঠাত ৰাধা-কৃষ্ণৰ জোলনা ঝুলি থকা ফটো বা মূৰ্তি ৰাখিব পাৰে।

*ভগৱান শ্ৰী গণেশৰ-তিনিটা মূৰ্তি ঘৰত কেতিয়াও ৰাখিব নালাগে।

You May Also Like

More From Author