আজিৰ ৰাশিফল ! আজি কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে?

0 min read

মেষ : দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম শেষ কৰাৰ সম্ভাৱনা আছে। চল্লিশোৰ্ধ্বৰ কোনো মহিলাই সহায় কৰিব পাৰে।

বৃষ : এনে কোনো ঘটনা, যিয়ে অতীতত সুনাম নষ্ট কৰিছে, তাৰ উৎস অনুসন্ধান কৰা সম্ভৱ হ’ব।

মিথুন : কামৰ ক্ষেত্ৰত খৰখেদা কৰা উচিত নহয়। ইয়াৰ ফলত ক্ষতি হ’ব পাৰে। মনোযোগ আৰু সতৰ্কতাৰ সৈতে সকলো কাম সম্পন্ন কৰিব লাগিব।

কৰ্কট : নিজৰ কল্পনা আৰু সৃজনশীলতাই সুখ আৰু সৌভাগ্য আনিব। যুক্তিৰে চিন্তা কৰিব লাগিব। বিনিয়োগৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব পাৰে।

সিংহ : সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আবেগ আৰু যুক্তিৰ খেলিমেলি সৃষ্টি হ’ব পাৰে। পৰিয়ালৰ প্ৰতি মনোযোগ দিয়ক।

কন্যা : জীৱনৰ ব্যৱহাৰিক বিষয়বোৰত আৰু অধিক মনোযোগ দিয়ক। ইতিবাচকতা বৰ্তি থাকিব।

তুলা : বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে। মনত ৰাখিব লাগিব যে সকলোকে একে সময়তে সন্তুষ্ট কৰিব পৰা নাযায়। যিকোনো পৰিশ্ৰমৰ ফল লাভ কৰিব।

বৃশ্চিক : সফলতাৰ আকাংক্ষা বাঢ়িব পাৰে। যিসকলে দীৰ্ঘদিন ধৰি মনোযোগ বিচাৰিছে তেওঁলোকক অৱহেলা কৰা উচিত নহয়।

ধনু : বন্ধুবৰ্গৰ সৈতে আনন্দৰ সময় কটাব পাৰে। পৰিয়াল বা কৰ্মক্ষেত্ৰত অংশীদাৰিত্বৰ ফল ভাল হ’ব।

মকৰ : সক্ৰিয়তা বৰ্তি থাকিব। ক্ৰমাগত নতুন পৰিকল্পনা কৰিব পাৰে। সেইবোৰ কাৰ্যকৰী কৰাও সম্ভৱ হ’ব।

কুম্ভ : নিজৰ অজানিতে জেদভাৱ আহিব পাৰে। ফলত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ধৈৰ্য ধৰিব লাগিব।

মীন : নাম, যশ বৃদ্ধি পাব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰত লোৱা যিকোনো সিদ্ধান্তই ভাল ফল দিব। লক্ষ্য পূৰণৰ বাবে আৰাম ত্যাগ কৰিব লাগিব পাৰে।

You May Also Like

More From Author