পৃথিৱীৰ কেন্দ্ৰত মহাদেৱৰ কৈলাশ পৰ্বত…

1 min read

হিমালয়ৰ সু উচ্চ পৰ্বত লানিৰ ভিতৰত কৈলাশ পৰ্বত হিন্দু, বৌদ্ধ আৰু জৈন সকলৰ পবিত্ৰ পৰ্বত। প্ৰাচীন শাস্ত্ৰৰ মতে মহাদেৱ শিৱ মা পাৰ্বতী আৰু দুই পুত্ৰ ভগৱান গনেশ আৰু কাৰ্ত্তিক দেৱতাৰ সৈতে কৈলাশ পৰ্বতত নিবাস কৰে । ( Religious Studies )

এই কৈলাশ পৰ্বত ধৰিত্ৰীৰ কেন্দ্ৰত অৱস্থিত সেয়ে তাৰ পৰাই সৰগলৈ উঠি যাবলৈ জখলা আছে বুলি বহু পৌৰাণিক কাব্যত আছে। মহাদেৱ শিৱৰ বাসস্থান এই পৰ্বতৰ মাহাত্ম অধিক । প্ৰাচীন বৈদিক সাহিত্যত কৈলাশ পৰ্বতৰ বিষয়ে উল্লেখ থকাৰ উপৰিও পুৰাণ আৰু মহাভাৰত ৰমায়ণতো কৈলাশ পৰ্বতৰ কথা আছে।

বাল্মিকীৰ ৰামায়ণৰ কিষ্কিন্ধা কাণ্ডত সুগ্ৰীবে শতবল বান্দৰ সেনাক উত্তৰ দিশলৈ পঠাই উত্তৰত যে কৈলাশ পৰ্বত আছে সেই কথা কৈছিল—

“तत्तु शीघ्रमतिक्रम्य कान्तारं रोमहूर्गणम-कैलासं पांडुरं प्राप्य द्रष्टासूर्य भविष्यथ”।[

অৰ্থাৎ–

সেই ভয়ানক অৰণ্য খন পাৰ কৰাৰ পাছত তুমি শ্বেত কৈলাশ পৰ্বত দেখি প্ৰফুল্লিত হৈ যাবা ।

গোটেই বছৰ বৰফেৰে ঢাক খাই থকা কৈলাশ পৰ্বত চীন দেশৰ তিব্বত অঞ্চলত পৰে । এই পবিত্ৰ কৈলাশ পৰ্বত কাহিনীও ভেদ কৰিব নোৱাৰা ৰহস্যৰে ভৰা বিশ্বৰ একমাত্ৰ ৰহস্যময় পৰ্বত ।

সাগৰ পৃষ্ঠৰ পৰা ৬,৬৫৬ মিটাৰ উচ্চতাত, মাউণ্ট কৈলাশ উচ্চ পৰ্বত যদিও তিব্বতৰ ভিতৰতে উচ্চতম নহয় তথাপিও এই পৰ্বত কোনেও আৰোহণ কৰিব পৰা নাই। আজিৰ দিনত বিজ্ঞানেও কৈলাশ পাৰ্বতক বিশ্বব্ৰহ্মাণ্ডৰ অক্ষ আৰু বিশ্বৰ কেন্দ্ৰ বুলি প্ৰমাণ কৰিব পাৰিছে। ( Religious Studies )

বৰ্তমান বিজ্ঞানীয়ে গুগল মেপৰ জৰিয়তে দেখুৱাবলৈ বিচাৰিছে –গ্ৰেটবৃটেনৰ ষ্টোনহেঞ্জৰ পৰা কৈলাশলৈ দূৰত্ব ৬,৬৬৬ কিমি, যি কৈলাশ পৰ্বতমালাৰ পৰা উত্তৰ মেৰুলৈ দূৰত্ব।

মাউণ্ট কৈলাশৰ পৰা দক্ষিণ মেৰুলৈ দূৰত্ব হৈছে ১৩,৩৩২ কিমি, যি উত্তৰ মেৰুৰ দূৰত্বৰ ঠিক দুগুণ।

মানসৰোবৰ আৰু ৰাক্ষস তাল নামৰ দুটা সুন্দৰ হ্ৰদ কৈলাশ পৰ্বতৰ আধাৰত অৱস্থিত। দুয়োটাৰ ভিতৰত, মানসৰোবৰ, যি ১৪,৯৫০ ফুট উচ্চতাত অৱস্থিত, বিশ্বৰ সৰ্বোচ্চ মিঠা পানীৰ জলাধাৰ । মানসৰোবৰ হিন্দুৰ পবিত্ৰ তীৰ্থ । শাস্ত্ৰত আছে এই সৰোবৰ ভগৱান ব্ৰহ্মাই নিৰ্মাণ কৰাইছিল।

কৈলাশ পৰ্বতমালা দক্ষিণৰ পৰা চালে, কৈলাশ পাৰ্বতত হিন্দু ওঁম(ॐ) চিহ্ন দেখা পোৱা যায়।

পৰ্বতৰ ওপৰৰ পৰা বিশাল বৰফৰ গৰাখহনীয়া আৰু পথালি শিলৰ গঠনে এই প্ৰতীকটো গঠন কৰে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author