বিহুলৈ কেইটামান দিন, বালা-মুগকুচিত প্ৰতিটো পৰিয়াল ব্যস্ত জাপি নিৰ্মাণত

1 min read

হেঁপাহৰ ৰঙালী বিহুটি আহিলেই সমাদৰ বৃদ্ধি পাই ফুলাম জাপিৰ । অসমীয়া কৃষ্টি-সংস্কৃতিৰ অন্যতম বাহক এই ফুলাম জাপি তৈয়াৰত এতিয়া ব্যস্ত নলবাৰীৰ বালা-মুগকুচি গাঁওৰ জাপি শিল্পীসকল ।

দৈনিক তেওঁলোকে সাজি উলিয়াই আছে হাজাৰ হাজাৰ ফুলাম জাপিৰ লগতে হালোৱা জাপি । এই জাপিৰ চাহিদা অসমৰ লগতে দিল্লী,কলকাতা,মুম্বাই আদিতো বৃদ্ধি পাইছে । উল্লেখযোগ্য এই সকল প্ৰকৃত জাপি শিল্পীৰ বাহিৰে এচাম মধ্যভোগীয়েহে চৰকাৰী সাহাৰ্য লাভ কৰাত এওঁলোক ক্ষুব্ধ হৈ পৰিছে ।

অসমৰ জাপি শিল্পক এক উদ্যোগ হিচাবে আগুৱাই নিয়াৰ বাবে এই বালা-মুগকুচি গাঁৱৰ লগতে,টি লানা,কৰদৈতলা, সূতাৰকুচি, দিঘেলি,জাপাৰকুচি গাওঁকেইখনতো দৈনিক হাজাৰ হাজাৰ ফুলাম জাপি, হালোৱা জাপি, সৰুদৈয়া জাপি প্ৰস্তুত কৰা হয় । স্বাভাৱিকতে বহাগত বাঢ়ি আহে জাপিৰ চাহিদা ৷ সেয়েহে ৰঙালী বিহু আহিলেই এই সকল জাপি শিল্পী আনন্দত আত্মহাৰা হৈ পৰে ।

You May Also Like

More From Author