যাৰ উজ্জ্বলতা আৰু শক্তিৰ সন্মুখত ৰাক্ষসক ৰজা ৰাৱণো অশক্তিশালী হৈ পৰিল। যুদ্ধত যাৰ সন্মুখত কোনেও জয় হব নোৱাৰে, আজিলৈকে তেওঁৰ সমান কোনো নাই। ( Religious Studies )
ইমান শক্তিশালী আৰু বুদ্ধিমান,গুণৰ সাগৰ হোৱাৰ পাছতো ভগৱান হনুমানৰ অকমানো অহংকাৰ নাছিল। তেওঁ প্ৰভু শ্ৰীৰামে আজ্ঞা পালন কৰাটোৱে নিজৰ কৰ্তব্য বুলি ভাবে।
আজি আমি আপোনালোকক যিবোৰ ক’বলৈ উলাইছোঁ হনুমান চালিচা লগত জড়িত কিছুমান প্ৰশ্ন উত্তৰ।আপোনালোকে যদি হনুমান চালিচা পাঠ কৰে আৰু তাৰ ফল যদি আপোনালোকে পোৱা নাই তেতিয়া এইসমূহ কথাৰ পৰা আজি সকলো গম পাব।
আমি সকলোৱে জানো যে ভগৱান হনুমান এই কলিযুগৰ সকলোতকৈ জাগ্ৰত দেৱ বা দেৱতা।আজিও তেওঁ শ-শৰীৰে মানুহৰ বা ভক্ত কল্যাণৰ বাবে এই পৃথিৱীত বিচৰণ কৰি আছে। কাৰণ তেওঁ অজৰ অমৰ হৈ থকাৰ বৰদান পাইছিলে।
আমাৰ দেশত সকলোতকৈ বেছি মন্দিৰ ভগৱান হনুমানৰেই আছে। এনেকুৱা একো গাওঁ বা চহৰ নাই য’ত ভগৱান হনুমানৰ মন্দিৰ নাই।ভগৱান হনুমানৰ ভক্তৰ সংখ্যাও দিনে দিনে বাঢ়ি গৈ আছে।
ভগৱান হনুমানক প্ৰসন্ন কৰিবলৈ সকলোৱে জনা পাঠ হ’ল হনুমান চালিচা।হনুমান চালিচা এনেকুৱা এখন কৃতি যি হনুমানে, হনুমান চালিচাৰ জৰিয়তে মানুহৰ ভিতৰৰ দিব্যমান গুণৰ বোধ কৰায়।এইখনৰ পাঠ আৰু মনন কৰাৰ ফলত বল , বুদ্ধি জাগ্ৰত হৈ পৰে।
হনুমান চালিচা পাঠ কৰা ফলত ব্যক্তিয়ে নিজৰ শক্তি, ভক্তি আৰু কৰ্তব্যৰ বিষয়ে অৱগত হ’ব পাৰে। কিন্তু বহু ভক্তয়ে তেওঁৰ নিয়মীয়াকৈ আৰাধনা কৰা পাছতো লাভ নাপায়।হনুমান চালিচা পাঠ কৰে , কিন্তু তেওঁলোকে হনুমানৰ কৃপা দৃষ্টি লাভ নকৰে। ( Religious Studies )
এনেকুৱা কিয় হয়,কিয় হৈ আছে,কি ভুল হৈছে আপোনাৰ ।যাৰ ফলত আপোনালোকে হনুমান চালিচাৰ ফল পোৱা নাই। আজি আমি ৫ টা কাৰণৰ বিষয়ে কম যিবোৰৰ ফলত হনুমান চালিচা পঢ়িলেও লাভ নহয়।
১. প্ৰভুৰ লগত এক নোহোৱা- বহুত মানুহৰ এটা অভ্যাস থাকে, তেওঁলোকে পূজা অৰ্চনা বা প্ৰাৰ্থনা কৰোঁতে বেলেগ চিন্তাত মুগ্ধ হৈ থাকে। কোনোবাই নিজৰ ব্যৱসায় আৰু কোনোবাই নিজৰ সম্পৰ্ক বিষয়ে ভাবে। নহ’লেবা ক’বলৈ গ’লে মানুহে নিজৰ চিন্তাতে মুগ্ধ বা মগ্ন হৈ থাকে। তেওঁলোকে কৰিব লাগে কাৰণেহে পূজা অৰ্চনা বা প্ৰাৰ্থনা পাঠ কৰে ।
এতিয়া আপোনালোকেই ভাবক যদি আমি প্ৰভুৰ লগত এক হৈ নাযাওঁ, আমাৰ ভক্তিত যদি দৃঢ়তা নাথাকে আৰু আমি যদি সঁচা মনে ভক্তি নকৰোঁ, তেতিয়া ভগৱানে আমাক কিয় চকু মেলি চাব।
আমি আমাৰ বিচাৰক বন্ধ কৰিব নোৱাৰোঁ। কিন্তু ধ্যান কৰি আমি আমাৰ বিচাৰক কন্ট্ৰল কৰিব পাৰোঁ আৰু এঠাই কেন্দ্ৰীত কৰিব পাৰোঁ। সেই কাৰণে অকল ভগৱান হনুমানেই নহয় যি দেৱী বা দেৱতাৰ পাঠ কৰে নিজৰ মনতো তেওঁক সমৰ্পিত কৰি দিব লাগে। আপোনালোকে যি পাঠ কৰে তাৰ মহত্ব বুজি লাগে। সচাঁ অন্তৰে পাঠ কৰক চাব প্ৰভুৰ কৃপা আপোনালোকে লাভ কৰিব।
২.স্বাৰ্থৰ ভক্তি- সকলো মানুহে দুখৰ সময়ত প্ৰভুৰ চৰণলৈ যায়। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকৰ ভক্তিত স্বাৰ্থ জড়িত হৈ আছে। ইয়াতে মানুহে ভ্ৰমিত হৈ পৰে। কাৰণ দুখৰ সময়ত সকলো মানুহে ভগৱানৰ পৰা কিবা নহয় কিবা বিচাৰে।
উদাহৰণ স্বৰূপে- যদি কোনোবাই ব্যক্তি দুখ আৰু কষ্টৰ সময়ত ভগৱানৰ ওচৰলৈ যায় আৰু নিজকে সমৰ্পন কৰি শুদ্ধ মনে ভক্তি কৰে। তেতিয়া ভগৱানে তেওঁৰ ভক্তিত প্ৰসন্ন হৈ তেওঁৰ সকলো কষ্ট দূৰ কৰি দিয়ে।
কিন্তু সকলোবোৰ ভাল হোৱাৰ পাছত সেই ব্যক্তিজন ভগৱানৰ পৰা দূৰ হৈ যায়, পূজা অৰ্চনা আদি বন্ধ কৰি দিয়ে। তেতিয়া আপোনালোকে ক’ব পাৰিব তাৰ ভক্তিত স্বাৰ্থ জড়িত হৈ আছে। দুখতো সকলোৱে ভগৱানক মনত পেলাই ।যিসকলে সুখতো মনত পেলাই আৰু পূজা অৰ্চনা কৰে,নিজকে তেওঁক সমৰ্পণ কৰি দিয়ে তেওঁলোকে ভগৱানৰ কৃপা লাভ কৰে।
৩. বেয়া কৰ্ম- সচাঁ ভক্তিৰ লগতেই ভাল কৰ্ম ও কৰিব লাগে। বহুত মানুহে সচাঁ ভক্তি কৰে , কিন্তু তেওঁলোকৰ
বেয়া কৰ্মৰ ফলত তেওঁলোকে সচাঁ ভক্তিৰ ফল নাপায়।
আপোনালোকে ভাবক এফালে আপোনালোকে মন্দিৰত বহি পূজা অৰ্চনা কৰিছে আৰু আনফালে জানি বুজি বেয়া কৰ্ম কৰিছে।যেনে- কোনোবা
নিৰ্দোষীক কষ্ট দিয়া। কাৰোবাৰ ধন চুৰ কৰা , বেয়া কাম কৰিবলৈ আনক আগবঢ়ায় দিয়া আদি। এইবোৰ কৰা পাছত আপোনালোকে কেনেকৈ ভাবিব পাৰে যে ঈশ্বৰে আপোনালোকৰ প্ৰাৰ্থনা চিকাৰ কৰিব।ঈশ্বৰে আমাক দণ্ড নিদিয়ে আৰু ক্ষমাও নকৰে। কৰ্মৰ ফল আমাৰ সুখ দুখৰ কাৰণ হৈ পৰে।
৪.সংকল্প সম্পূৰ্ণ নকৰা- আমি যেতিয়া কষ্টত থাকো তেতিয়া সেই কষ্টৰ পৰা উলাই আহিবলৈ আমি সকলো ধৰণৰ চেষ্টা কৰোঁ। পূজা অৰ্চনা,ব্ৰত ৰখা, সংকল্প কৰা আদি। সেই সময়টোৱে তেনেকুৱা যেতিয়া আমি সকলোবোৰ কৰো।
কিন্তু কিছুমান মানুহৰ ধৈৰ্য কম থাকে বা প্ৰভুৰ প্ৰতি বিশ্বাস কম থাকে। নহ’লেবা তেওঁলোকৰ মন ভ্ৰমিত হৈ পৰে। এলাহু হ’ব পাৰে। যাৰ ফলত তেওঁলোকে প্ৰভুৰ সন্মুখত কৰা সংকল্প পাহৰি যায় বা আধৰুৱাকে এৰি দিয়ে। এনেকুৱা কেতিয়াও নকৰিব। নিজৰ সংকল্পক সম্পূৰ্ণ কৰক। যদি মহিলাসকলৰ মাহেকীয়া হয় তেতিয়া তেওঁলোকে সেইবোৰ হৈ যোৱাৰ পাছত নিজৰ সংকল্পক সম্পূৰ্ণ কৰিব পাৰে।
৫. নিয়মৰ পালন নকৰা- বহুত মানুহে আমাৰ শাস্ত্ৰত লিখি থোৱা প্ৰভু ভক্তি নিয়মসমূহ পালন নকৰে। তেওঁলোকে নিজৰ মতে সকলো কৰিব বিচাৰে।যেতিয়া প্ৰভুৰ কৃপা লাভ নকৰে , তেওঁলোকেই প্ৰথমতে প্ৰভুক যিটি ক’বলৈ ধৰে। কিছুমান মানুহ নিজেও নকাৰাত্মক আৰু আনকো নকাৰাত্মক কৰিব বিচাৰে বা কৰি তোলে।আচল কথা সচাঁ ভক্তিতহে আছে।বাকী সকলোবোৰতো মায়া।
তেওঁলোকে প্ৰভু ভক্তিৰ কাৰণে সামান্য নিয়মৰো পালন নকৰে। যেনে – চফা কাপোৰ পিন্ধি পূজা কৰা। ঘৰখন চফা কৰি ৰখা। যাতে ঘৰত প্ৰভুৱে বাস কৰে।মাছ, মাংস,মদ আদি সেৱন কৰি পূজা অৰ্চনা নকৰা।ব্ৰত আৰু সংকল্পৰ সময়ত ব্ৰহ্মচাৰ্য পালন কৰা।গা নুধোৱাকে পূজা অৰ্চনা নকৰা আদি। কঠিন নিয়ম পালন নকৰিলেও দৈনিক সামান্য নিয়মৰ পালন কৰিব লাগে। যিবোৰ আমি কৰিব পাৰোঁ।
আজি বহুত মানুহে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ পালে চাগে। এইসমূহ প্ৰশ্নৰ উত্তৰ আমাৰ ওচৰতে থাকে।সকলো ব্যক্তিয়ে নিজৰ গতিৰ বিষয়ে জানে। সেই কাৰণে আপুনিয়েই নিজৰ ভুল সুধৰণি কৰিব পাৰিব। এইসমূহ কথা কেতিয়াও নাপাহৰিব।
সচাঁ মনেৰে ভক্তি কৰক। ভাল কৰ্ম কৰক। তাৰ পিছত চাব ভগৱান হনুমানৰ কৃপা আপোনাৰ লগতে আপোনাৰ ঘৰখনেও লাভ কৰিব।ভগৱান হনুমান বহুত দয়ালু তেওঁ কেতিয়াও নিজৰ ভক্তক নিৰাশ হোৱা চাব নোৱাৰে। তেওঁ আপোনালোকক সহায় কৰিবয়েই।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।