মেষ : পাৰিবাৰিক আৰু কৰ্মক্ষেত্ৰত হঠাৎ বিঘিনিৰ সৃষ্টি হ’ব পাৰে, মগজু শীতল কৰি ৰখা প্ৰয়োজন।
বৃষ : জীৱনলৈ নতুন সুযোগ আহিব, তাক নিজৰ পৰিকল্পনা কৰি লক্ষ্যৰ দিশে আগুৱাব লাগিব।
মিথুন : জীৱন ছন্দলৈ ঘূৰি আহিব। বিশেষকৈ কোনো সুখবৰ পোৱাৰ সম্ভাৱনা আছে।
কৰ্কট : কৰ্মজীৱনে হওক বা প্ৰেম – আবেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত লোৱা উচিত নহ’ব।
সিংহ : নিজকে সদাই সময় দিব লাগিব, কিন্তু তাৰ পূৰ্বে হাতত থকা কামো শেষ কৰা প্ৰয়োজন।
কন্যা : আজি অকলে কাম শেষ কৰা কঠিন হ’ব, আনৰ সহায় ল’লে ভাল হ’ব!
তুলা : অতীতত সম্পৰ্ক থকা লোকৰ সৈতে পুনৰ দেখা হ’ব, দিনটো মসৃন ছন্দত পাৰ হ’ব।
বৃশ্চিক : পৰিশ্ৰমৰ সুফল এইবাৰ লাভ কৰিব, কামত কিছু বিৰতি দি বিশ্ৰাম লোৱা প্ৰয়োজন।
ধনু : সকলোৰে মনোযোগ জয় কৰা সম্ভৱ হ’ব। জয় কৰিব পাৰিব গোপন শত্ৰুকো।
মকৰ : উপদেশ শুদ্ধ হ’লেও ভদ্ৰতাৰ বাবে নাকচ কৰা হ’ব – স্বভাৱৰ সলনি কৰাৰ প্ৰয়োজন আছে।
কুম্ভ : আৰ্থিক সমস্যা এতিয়া দূৰ নহ’ব, স্বভাৱগত সৃজনশীলতা কামত লগাব লাগিব।
মীন : দ্ৰুতগতিত সকলো বাধা অতিক্ৰম কৰিব পাৰিব, কোনোৱে বিপক্ষে মূৰ তুলিবলৈ সাহস নকৰিব।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।