নগাঁৱৰ কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “শুভাশিষ প্ৰদান” অনুষ্ঠান

1 min read

সকলোৱে ভগৎ সিঙৰ কাহিনী পঢ়ে, কিন্তু নিজৰ সন্তানক ভগৎ সিং হোৱাৰ সপোন নেদেখে– কুমাৰ বিভূতি

নিউজ ব্যুৰ’,নগাঁও,২৮মে’:– “প্ৰচলিত সমাজ ব্যৱস্থাত আমাৰ অভিভাৱকসকলে শিশু এটাই মাতৃ গৰ্ভত ভ্ৰুণ হৈ স্থিতি লোৱাৰ সময়ৰ পৰাই এনে কিছুমান আচহুৱা পৰিবেশ দিয়াৰ প্ৰয়াস কৰে যিটো দেখিলে আচৰিত নহৈ নোৱাৰি । অভিভাৱকসকলৰ অধিকাংশই ভাৱে আনৰ লৰা বা ছোৱালী যি হয় হওক আমাৰটো কিন্তু ডাক্তৰ, ইঞ্জিনীয়াৰ বা প্ৰবক্তা হবই লাগিব। এই ডাক্তৰ,ইঞ্জিনীয়াৰ বা প্ৰবক্তাৰ সপোন দেখি অভিভাৱকসকলে এনেকৈ প্ৰতিযোগিতাত নামি পৰে যে এপোৱা ধৰা গিলাচটোত এক লিটাৰ গাখীৰ ভৰাইহে এৰিব। পাছে সেয়া জানো সম্ভৱ ।” –এই মন্তব্য কবি কুমাৰ বিভূতিৰ । নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ২৬ মে’ত আয়োজিত এক শুভাশিষ প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি কুমাৰ বিভূতিয়ে লগতে কয় যে এনে অভিভাৱক হয়তো খুবেই কম ওলাব যিয়ে তেওঁৰ সন্তানক মানুহ কেৱল মানুহ গঢ়াৰ কাৰণে যত্ন কৰে । অথবা জ্ঞান অৰ্জনৰ কাৰণে সন্তানক আগুৱাই দিয়ে । সকলোৱে ভগৎ সিঙৰ কাহিনী পঢ়ে,কিন্তু নিজৰ সন্তানক ভগৎ সিং হোৱাৰ সপোন নেদেখে । সিদ্ধাৰ্থৰ পৰা গৌতম বুদ্ধ হোৱাৰ কাহিনী সকলোৱে পঢ়ে কিন্তু নিজৰ সন্তানক তেনে সন্যাস ল’বলৈ দিব নোখোজে । প্ৰকৃত মানুহ হোৱাৰ সংকল্প লোৱাৰ সময় এয়া। কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰিন্টু দাসৰ সভাপতিত্বত অনুষ্ঠিত “শুভাশিষ প্ৰদান” অনুষ্ঠানটিত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ভূৱন চন্দ্ৰ শৰ্মা উপস্থিত থাকি সদ্য ঘোষিত শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষাগুৰুসকলৰ চেষ্টাৰ শলাগ লয়।

বিদ্যালয়খনৰ পৰা এইবাৰ ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰ ভিতৰত ২৫ গৰাকী শিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হয়। উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীসকলৰ ভিতৰত কস্তুৰী কলিতাই শতকৰা ৮৯.৮৩শতাংশ নম্বৰেৰে আটাইকেইটা বিষয়ত লেটাৰ প্ৰাপ্তিৰে ডিষ্টিংচন পোৱাৰ বিপৰীতে আন এগৰাকী ছাত্ৰী ডিম্পী শ‌ইকীয়াই পাঁচটা বিষয়ত লেটাৰ সহ শতকৰা ৮৬.৩৩শতাংশ নম্বৰৰে ডিষ্টিংচন লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে। উত্তীৰ্ণ ২৫ গৰাকী ছাত্ৰ- ছাত্ৰীৰ ভিতৰত ১৪গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাৰ বিপৰীতে ১১গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।”শুভাশিষ প্ৰদান” অনুষ্ঠানটিত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু মানপত্ৰৰে বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে শুভাশিষ জনায়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অধ্যক্ষা ৰিণ্টু দাস,বিষয় শিক্ষক দীপ হাজৰিকাৰ লগতে বিদ্যালয়খনৰ শিক্ষকসকলৰ উদ্যোগী মনটোৰ বাবে বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই একেখন বিদ্যালয়তে উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণৰ সিদ্ধান্তৰে নামভৰ্তি কৰে। ছাত্ৰ-ছাত্ৰী সকলৰ এনে আপোচবিহীন সিদ্ধান্তক সভাখনত উপস্থিত সকলোৱে আদৰণি জনায় । বিদ্যালয়খনৰ শিক্ষক জিতু শ‌ইকীয়াই আঁতধৰা অনুষ্ঠানটিত বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ বঁটা বিতৰণীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। “শুভাশিষ প্ৰদান” অনুষ্ঠানটিত শৰৎ কলিতা, কমল শ‌ইকীয়া,ৰেখা বৰা,ৰীমা চমুৱা,মিনু শ‌ইকীয়া,ৰুমী শ‌ইকীয়াকে ধৰি বহুকেইবাগৰাকী অভিভাৱক উপস্থিত থাকি নিজৰ মনৰ অনুভৱ ব্যক্ত কৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষকসকলৰ প্ৰচেষ্টাৰ শলাগ লয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author