নিউজ ব্যুৰ’,নগাঁও,৩০মে’:–ভৌগোলিক মান্যতা লাভ কৰা তেজপুৰৰ লিচু চলিত সপ্তাহতে ৰপ্তানি কৰা হ’ব লণ্ডনলৈ ৷ দেশে-বিদেশে সমাদৃত তেজপুৰৰ ৰসাল তথা সোৱাদযুক্ত লিচুৰ বজাৰখন দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা খবৰে মন ভাল লগাইছে তেজপুৰৰ লিচু ব্যৱসায়ীৰ । এয়া অসমৰ বাবেই এক গৌৰৱৰ বতৰা ৷ ২০২২ বৰ্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীলৈ তেজপুৰৰ লিচু প্ৰেৰণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়েও সেই লিচু খাই সন্তুষ্টি প্ৰকাশ কৰিছিল ।লিচুখিনি প্ৰেৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মাক পত্ৰযোগে ধন্যবাদ জ্ঞাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰাৰ দৰেই তেজপুৰৰ লিচুৱে সম্প্ৰতি “Vocal For Local” মনোভাৱক বিশ্বৰ বুকুত বিয়পাই দিবলৈ সক্ষম হৈছে ৷ আগন্তুক জুন মাহৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানিৰ বাবে সাজু কৰিছে ব্যৱসায়ীসকলে ৷ ইয়াৰ বাবে প্ৰয়োজনীয় যোগাযোগ অব্যাহত ৰখা স্থানীয় লিচু খেতিয়কৰ একাংশৰে শোণিপুৰ জিলা প্ৰশাসনে এক আলোচনাও ইতিমধ্যে সম্পন্ন কৰিছে ৷ ২০১৫ চনত তেজপুৰৰ লিচুৱে ভৌগলিক সংকেত লাভ কৰিছিল ইয়াৰ আঞ্চলিক বৈশিষ্ট্যতাৰ বাবে ৷ ২০২২ চনতো দুই এটা প্ৰজাতিৰ লিচুৰ বাহিৰে বাকী লিচুসমূহ প্ৰচুৰ পৰিমাণে উৎপাদন হৈছিল আৰু বিদেশলৈ ৰপ্তানি কৰা হৈছিল ৷
উল্লেখ্য যে তেজপুৰৰ পৰুৱাৰ ২৫ বিঘা ভূমিত থকা পুৰণা লিচু বাগানখনৰ লগতে সমীপত আন এখন বৃহৎ লিচু বাগান আছে ৷ ইয়াৰোপৰি সাহিত্য কাণ্ডাৰী তথা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰ চহৰত স্থাপন কৰা লিচু বাগিচাখনৰ লিচুও যথেষ্ট ৰসাল,মঙহাল আৰু সোৱাদযুক্ত ৷ কিন্তু এইবাৰ একাধিক লিচু বাগানত পূৰ্বৰ তুলনাত লিচু কমকৈ উৎপন্ন হৈছে ৷ ষ্মৰ্তব্য যে,তেজপুৰত ছয়-সাতটা প্ৰজাতিৰ লিচু পোৱা যায় আৰু ইয়াৰ আটাইৰে সোৱাদ যথেষ্ট ৷
ইপিনে তেজপুৰ পৌৰসভা অধীনস্থ লিচু বাগিচাখনৰ সন্দৰ্ভত সম্প্ৰতি এক গোচৰ আদালতত চলি আছে ৷ দীৰ্ঘদিনৰ বাবে লীজত লোৱা ব্যৱসায়ীৰ বিপৰীতে সম্প্ৰতি তেজপুৰ পৌৰসভাই লিচু বাগিচাখন নতুনকৈ আনক আৱন্টন দিছে ৷ নতুনকৈ এজন ব্যক্তিৰ নামত লিচু বাগিচাখন আবন্টন হ’লেও আঁৰত আন একাংশইহে লিচু বাগিচাখনৰ লিচুক লৈ ব্যৱসায় কৰি আছে ৷
এনে পৰিস্থিতিত পূৰ্বে লীজত লোৱা পৰিয়াটোৱে তেওঁলোকৰ ম্যাদ উকলাৰ পূৰ্বেই আনক লীজত দিয়াৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে ৷ এনে অৱস্থাত বাগিচাখনৰ লিচু কোনে বিক্ৰী কৰিব অথবা এই লিচু বিক্ৰী কৰিব পৰা হ’বনে নাই তাকলৈও প্ৰশ্ন উত্থাপিত হৈছে ৷ ইয়াৰ মাজতে তেজপুৰৰ পৰা মুঠ ৭ কুইন্টল লিচু লণ্ডনৰ বজাৰৰ বাবে বিচৰা হৈছে ৷ এনে অৱস্থাত স্থানীয় লিচু ব্যৱসায়ীসকলে সন্মিলিতভাৱে লিচু বিক্ৰীৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে আৰু জুনৰ প্ৰথম সপ্তাহৰ ভিতৰতে তেজপুৰৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ লিচু লণ্ডনলৈ ৰপ্তানিৰ সম্ভাৱনা আছে ৷
ঋতু পৰ্ণ শৰ্মা,নগাঁও