জীৱৰ মৃত্যু কিয় হয়!মৃত্যুৰ পাছত-জন্ম কেনেকৈ! আমি সকলোৱে জানো যে-যি প্ৰাণী-এই পৃথিৱীত জন্ম হয় তাৰ এদিন নহয় এদিন মৃত্যু আছে।কিন্তু এই মৃত্যু কি!লগতে-জীৱকুল কিয় আৰু কেনেদৰে জন্ম হৈ থাকে! এই মৃত্যুৰ জন্ম হৈছিল-কেনেকৈ!অৰ্থাৎ মৃত্যু পৰম্পৰা কেনেকৈ আৰম্ভ হৈছিল!
এয়া সকলোৱে জানে যে-পৰম পিতা এই মহাবিশ্ব ৰচনা কৰিছিল।আৰু এই মহাবিশ্ব বহুবাৰ ধ্বংস হৈছিল। প্ৰথমে-যেতিয়া এই মহাবিশ্ব আৰু প্ৰাণীসমূহৰ সৃষ্টি হৈছিল-তাৰ কেইবাহাজাৰ বছৰৰ পাছত পৰম পিতা-ব্ৰুহ্মাই দেখিছিল যে-প্ৰাণীসমূহৰ জন্ম প্ৰক্ৰিয়াৰ বাবে-তেওঁলোকৰ সংসাৰ ক্ৰমশঃ বৃদ্ধি হৈ গৈ আছিল আৰু তাকে দেখি পৰম পিতা ব্ৰহ্মাই ভাবিছিল যে-যদিহে জীৱকুলৰ সংখ্যা তেনেদৰে বৃদ্ধি হৈ গৈ থাকে-তেনেহলে বৰ্ধিত জীৱকুলৰ ওজনত জীৱজগত এদিন পুনঃ ৰসাতলে সোমাই পৰিব।তেতিয়া পৰম পিতা ব্ৰহ্মাই এই জীৱ জগতৰ-ভাৰসামত্যা বজাই ৰাখিবলৈ কিবা এটা চিন্তা কৰিবলৈ আৰম্ভ কৰিলে।যদিও বহু চিন্তা ভাৱনা কৰাৰ পাছতো-পৰম পিতা ব্ৰহ্মাই একো বুজিব নোঁৱাৰি-নিজেই বহুত ক্ৰোধিত হৈ পৰিছিল আৰু তেওঁৰ সেই ক্ৰোধৰ ফলত-হঠাৎ অগ্নিৰ প্ৰকট হৈ পৰিছিল।আৰু সেই ক্ৰোধ অগ্নিৰ সহায়ত ব্ৰহ্মাই সমস্ত প্ৰাণীক সংহাৰ কৰাৰ সিদ্ধান্ত লৈছিল।
-ব্ৰহ্মাই সিদ্ধান্ত গ্ৰহণ কৰাৰ মাত্ৰকে-ক্ৰোধাগ্নী চাৰিওফালে বিয়পি পৰে আৰু সেই অগ্নিত সমস্ত জগত জ্বলিবলৈ ধৰিছিল।তাকে দেখি-স্বৰ্গৰ দেৱী-দেৱতাসকল আচম্বিত হৈ পৰিছিল আৰু নিমিষতে-ভগৱান শিৱ নিজেই ব্ৰহ্মাদেৱৰ ওচৰলৈ গৈছিল আৰু কৈছিলে-হে ব্ৰহ্মাদেৱ,আপুনি এনেদৰে সমস্ত জীৱকুল অগ্নিদাহ কিয় কৰিছে!
তেতিয়া ব্ৰহ্মাই কৈছিল যে-পৃথিৱীৰ দেৱতাই ইতিমধ্যে ভৰ সহ্য কৰিব নোঁৱাৰা হৈছে আৰু পৃথিৱীৰ কষ্টৰ বাবেই-জীৱকুল বিনাশ কৰাৰ অতি দৰকাৰী হৈ পৰিছে।
-ব্ৰহ্মাদেৱৰ কথাত মহাদেৱে কৈছিল-হে,সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ,আপোনাৰ এই সিদ্ধান্তৰ বাবে-জীৱকুলৰ উপৰিও গছ-গছনি,নদ-নদী,
পাহাৰ-পৰ্ৱত,সকলো বিনাশ হৈ পৰিব।সেইবাবে-আপুনি এই ক্ৰোধাগ্নিক নিয়ন্ত্ৰণ কৰা উচিত আৰু জীৱকুল বিনাশৰ বাবে-অন্য কিবা দ্বিতীয় উপায় চিন্তা কৰা উচিত।।
-ভগৱান শিৱৰ এই প্ৰাৰ্থনা শুনি-ব্ৰহ্মাই সেই ক্ৰোধাগ্নিক নিজৰ-নিয়ন্ত্ৰণলৈ আনি-নিজৰ শৰীৰত পুনৰাই সমৰ্পণ কৰিছিল।আৰু সেই ব্ৰহ্মাৰ ইন্দ্ৰিয়ৰপৰা-
ক’লা,ৰঙা আৰু হালধীয়া-এক নাৰীৰ সৃষ্টি হৈছিল।আৰু পৰম পিতা ব্ৰহ্মাই সেই নাৰীক মৃত্যু বুলি নাম দিছিল আৰু ব্ৰহ্মাই মৃত্যুক আজ্ঞা কৰি কৈছিল-মই এই তিনিওলোক সংহাৰ কৰাৰ বাবে যে-ক্ৰোধিত হৈছিলো-সেই ক্ৰোধৰ পৰা-তোমাৰ সৃষ্টি হৈছে।আৰু এতিয়া তোমাৰ কাম হৈছে-এই জগতৰ সমস্ত জীৱকুল বিনাশ কৰা। (সংগ্ৰহিত)।