নাজিৰাৰ লিগিৰীপুখুৰীত অসম চাহ জনজাতি ছাত্ৰ সন্থা’ৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী
চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ দাবীত এই প্ৰতিবাদ (আটছা)ৰ
আজিও স্বাধীন দেশত পৰাধীন হৈ আছে ভাৰতীয় নাগৰিক সকল | নাজিৰাৰ লিগিৰীপুখুৰী চাহ বাগিছা মুখ্য কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থা’ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে মেকিপুৰ উপ শাখা সমিতিৰ উদ্যোগত তথা সমূহ প্ৰাথমিক গোট ও স্থানীয় বাগিছা চাহ শ্ৰমিক ৰাইজৰ সহযোগত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় | এই প্ৰতিবাদী কাৰ্যসূচীত লিগিৰীপুখুৰী চাহ বাগিছাৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থা’ৰ কৰ্মী সকলে হাতে হাতে প্লে’ কাৰ্ড লৈ প্ৰতিবাদত নামি পৰে | চাহ শ্ৰমিক সকল বৃটিছ আমোলৰে পৰা শোষণ-বঞ্চনাৰ সন্মুখীন হৈ আহিছে | বিশেষকৈ বাগিছা খনৰ মহিলা সকলেও বিশুদ্ধ খোৱা পানী, চিকিৎসা, এম্বুলেঞ্চ, শৌচালয় আৰু গৃহ সন্দৰ্ভত চাহ বাগিছা মেনেজমেণ্ট আৰু বাগিছা পৰিচালকক জগৰীয়া কৰা দেখা গৈছে | বাগিছা কৰ্তৃপক্ষ্যই চাহ বাগিছা মালিক পক্ষ্যই বিষয়টোও ওপৰত আওকাণ কৰাৰ অভিযোগ তুৰিছে |অৱশেষত লিগিৰীপুখুৰী চাহ বাগিছাৰ পৰিচালকে (আটছা)’ৰ দাবী স্মাৰক পত্ৰ খন গ্ৰহণ কৰে |
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।