নাজিৰাত ভয়ংকৰ পথ দূৰ্ঘটনা; তীব্ৰ বেগী বাইকে মহতিয়ালে 5 বছৰীয়া শিশুক

1 min read


ডিব্ৰুগড় চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু শিশুটি ।

বাইকৰ তাণ্ডবৰ বাবে মৃতুদূতলৈ পৰিণত হৈছে নাজিৰাৰ বাট পথ l কিবা কাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলাই গলে আকৌ ঘৰলৈ উভতি আহিব নে নাহে কব নোৱাৰে হৈছে সৰ্বসাধাৰণ ৰাইজ l এইবোৰ দেখি শুনিও কিন্তু চকু মুদা কুলি দৰে বহি আছে নাজিৰা আৰক্ষী l দিনটো লোকৰ ঘৰত হাজিৰা কৰি কালি গধূলি নিশা আহাৰৰ বাবে ০৫ বছৰীয়া পুত্ৰক লগত লৈ বজাৰ কৰিবলৈ গৈ থকা অৱস্থাত তীব্ৰবেগেৰে অহা AS03AF9214 নম্বৰৰ বাইকখনে মহতিয়াই নিলে ০৫ বছৰীয়া পুত্ৰ লগতে পিতৃক l


ঘটনা নাজিৰা নগৰত l প্ৰাপ্ত খবৰ অনুসৰি নাজিৰা লখিমী আলিত ভাৰাতীয়া হিচাপে থকা দিন হাজিৰা কৰা পিতৃয়ে নিশা কিছু আহাৰৰ বাবে ওচৰতে থকা বজাৰৰ পৰা সামগ্ৰী ক্রয় কৰিবলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা পৰা অহা তীব্ৰবেগী মটৰচাইকেল এখনে মহতীয়াই লৈ যায় পিতৃ আৰু পুত্ৰক আৰু মূহুৰ্তত চিতিকে পৰে ০৫ বছৰীয়া পুত্ৰ সন্তান l ৰাইজে মটৰ চাইকেল খন কৰায়ত্ত কৰে যদিও চালক পলাই যাবলৈ সক্ষম হয় l মূৰত গুৰুতৰ ভাৱে আঘাত পোৱা পুত্ৰক লগে লগে লিগিৰী পুখুৰী অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও আঘাট গুৰুতৰ হোৱাৰ বাবে চিকিৎসকে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে l আনহাতে জয়সাগৰ পৰাও চিকিৎসকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসাললৈ প্ৰেৰণ কৰে । ডিব্ৰুগড় চিকিৎসালয় পোৱাৰ পূৰ্বে বাটতে শিশুটিয়ে মৃত্যুক আঁকুৱালি লয় বুলি জানিব পৰা গৈছে ।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

You May Also Like

More From Author