গুৱাহাটীত চলিব চি এন জি অটোৰিক্সা

1 min read

অভাৱনীয় হাৰত পেট্ৰ’ল-ডিজেলৰ বৰ্দ্ধিত মূল্যই সাধাৰণ জনতাক মাধমাৰ দিয়াৰ সমান্তৰালকৈ পৰোক্ষভাবে প্ৰভাৱ বিস্তাৰ কৰিছে দেশৰ অৰ্থনীতিত । পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে যন্ত্ৰণা ভূগিছে সাধাৰণ জনতাই । দেশৰ লগতে অসমতো ৰাইজে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ । পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে বহু লোকে বৰ্তমান ব্যৱহাৰ কৰে বেটাৰীৰ দ্বাৰা চালিত বাহন ।

শেহতীয়াকৈ গুৱাহাটীত নতুন সংযোজন হৈছে চি এন জিচালিত বাহন । অসম ৰাজ্যিক পৰিবহন নিগমে বহু চি এন জি বাছ ক্ৰয় কৰাৰ পাছতেই শেহতীয়াকৈ বহু চি এন জি অটোৰিক্সাও গুৱাহাটীৰ ৰাজপথত সংযোজন হৈছে । প্ৰায় শতাধিক চি এন জিচালিত অটোৰিক্সাই বৰ্তমান সেৱা আগবঢ়াইছে গুৱাহাটীত ।

উল্লেখযোগ্য যে সমগ্ৰ গুৱাহাটীত আছে কেৱল এটাই চি এন জি ডিপো । যাৰ বাবে সমস্যাত ভোগে অটোচালকসকল । অন্যহাতে অটোচালকসকলৰ মতে, পেট্ৰ’ল বা ডিজেলৰ দ্বাৰা চালিত অটোৰিক্সাসমূহতকৈ চি এন জি অটোসমূহে ভাল মাইলেজ দিয়ে ।

You May Also Like

More From Author