দিব্যাংগ মঞ্চ অসমৰ সভাপতি নৱজিত বৰ্মনৰ সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাত যোগদান

1 min read

গুৱাহাটী: বুধবাৰে দুপৰীয়া ১ বজাত চিৰিয়াখানা সমীপৰ মমী ৰেষ্টুৰেণ্টত সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাৰ উদ্যোগত এখন সভাৰ আয়োজন কৰা হয়। উক্ত সভাতে ‘দিব্যাংগ মঞ্চ’ৰ সভাপতি – নৱজিত বৰ্মন সৌজন্যত তেখেতৰ সংগঠনৰ বিভিন্ন জিলাৰ পৰা সদস্য-সদস্যাই ‘সদৌ অসম দিব্যাংগ উন্নয়ন সন্থা’ত যৌথ ভাৱে যোগদান কৰে।

এই সন্দৰ্ভত নৱজিত বৰ্মনে কয় যে- “দিব্যাংগ মঞ্চ’ৰ সভাপতি হিচাপে ৪ বছৰে কাম কৰি আছিলোঁ। বিভিন্ন কাৰণবসত আৰু ব্যক্তিগত কাৰণত মই “দিব্যাংগ মঞ্চ’ৰ পৰা পদত্যাগ কৰো। পাছত ‘সদৌ অসম দিব্যাংগ উন্নয়ন সন্থা’ৰ প্ৰতি আকৰ্ষিত হৈ আজি মই এই সন্থাটোৰ এজন সদস্য হিচাপে যোগদান কৰিলোঁ। আমি আশাবাদী যে এই সন্থাৰ জৰিয়তে আমাৰ সমাজৰ প্ৰতিজন দিব্যাংগ ব্যক্তিক ন্যায্য প্ৰাপ্তি দিয়াত আমি ঐক্যবদ্ধ ভাৱে কাম কৰি আগুৱাই যাম।”

উল্লেখ্য যে অসমৰ দিব্যাংগ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ পাছত দৌৰা বাদি দি কিদৰে আত্ম-নিৰ্ভৰ কৰিব পাৰি তাৰ ওপৰত দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছে ‘সদৌ অসম দিব্যাংগ উন্নয়ন সন্থা’ই।

আজিৰ এই বিশেষ সভাতে কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হয়। তাৰ ভিতৰত- অসমৰ যিসকল দিব্যাংগ লোকে এতিয়াও অৰুনোদই আঁচনিৰ পৰা বাদ পৰি আছে সেই লোকসকলক অৰুনোদই আঁচনিত অন্তৰ্ভুক্ত কৰি ১২৫০ টকাৰ পৰিবৰ্তে ৫০০০ টকাকৈ দিয়াৰ ওপৰত আলোচনা কৰা হয়।

লগতে দিব্যাংগসকলক প্ৰধানমন্ত্ৰী আবাস যোজোনা আৰু মুখ্যমন্ত্ৰী আবাস যোজোনাৰ অধীনত একোটাকৈ ঘৰৰ ব্যৱস্থা কৰাৰ ওপৰতো সভাই দাবী জনোৱাৰ সিদ্ধান্ত লয়।
আনহাতে মুখ্যমন্ত্ৰী সয়ম আঁচনি, দিব্যাংগসকলৰ শৌচালয়ৰ সুবিধা, ইন্দিৰা মিৰি আঁচনিৰ জৰিয়তে দিব্যাংগসকলৰ পৰিয়ালৰ মাক-দেউতাকৰ পেন্সন পোৱাৰ সুবিধা, ASTC ৰ অধীনত দিব্যাংগ সকলৰ যাতায়তৰ সুবিধা, দৰিদ্ৰ দিব্যাংগসকলৰ বাবে ব্যৱসায়-বানিজ্য সুবিধা হোৱাকৈ এককালিন ৩ লাখ টকা আৰ্থিক সাহায্য প্ৰদান, ভূমিহীন দুখীয়া দিব্যাংগসকলক কমেও এবিঘাকৈ মাটি আবণ্টন,
সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ দিব্যাংগ সকলক অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা, বিভিন্ন বিভাগত খালি হৈ থকা পদসমূহ অতি শীঘ্ৰে দিব্যাংগ সকলক নিযুক্তিৰ ব্যৱস্থা আদি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী চৰকাৰৰ ওচৰত তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজিৰ এই সভাত সন্থাটোৰ চেণ্ট্ৰেল কমিটীৰ মুখ্য উপদেষ্টা মধুনাথ শৰ্মা, প্রেসিডেন্ট নিৰঞ্জন কলিতা, ভাইচ প্রেসিডেন্ট ৰামধন দাস,কাৰ্যকৰী সভাপতি দীপক পাঠক, সম্পাদক জীল চৌধুৰী, কোষাধ্যক্ষ প্ৰণৱেশ দাসৰ, লগতে কামৰূপ (মেট্ৰো) জিলাৰ সম্পাদক ফেইজ আকিব হোছেইনৰ, বৰপেটা জিলাৰ সভাপতি যোছিফ মহম্মদ; কোকৰাঝাৰ জিলাৰ অঞ্জলী মুছাহাৰী, সুনুৱালা বসুমতাৰী; নলবাৰী ধ্ৰুৱ বেজবৰুৱা; কামৰূপ গ্ৰাম্য বাবুল আলী, জাহাদুল ইছলাম; কোকৰাঝাৰ জুলিমা বৰগঞাৰী, সনাতন নাৰ্জাৰী আদিসকল উপস্থিত থাকে।

You May Also Like

More From Author