নিমপাতেও প্ৰতিৰোধ কৰিব পাৰে কেন্সাৰ

1 min read

সহজে উপলব্ধ নিমপাতৰো আছে অসংখ্য ঔষধি গুণ৷ প্ৰাচীন কালৰে পৰা নিমপাতৰ পৰা বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰি অহা হৈছে৷ নিমপাতত থকা ঔষধি গুণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ বিশেষকৈ চৰ্মজনিত ৰোগত আক্ৰান্ত হ’লে নিমপাত ভাজি খোৱাৰ উপৰি নিমপাতৰ পানীৰে গা ধুলে সংক্ৰমণ হ্ৰাস পায়৷

[১] শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে যে নিমপাতত নিমবোলাইড নামৰ এটি উপাদান আছে৷ আৰু এই উপাদানে কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে৷ নিমপাতত থকা নিমবোলাইডে কেন্সাৰৰ কোষ ধবংস কৰে৷

[২] সাধাৰণতে নিমপাত ৰ’দত শুকুৱাই যিকোনো পাচলিৰ সৈতে সিদ্ধ কৰি খাব পাৰি৷

[৩] নিমপাত যিকোনো খাদ্যৰ সৈতে ভাজি খালেও সুফল পাব পাৰি৷

[৪] কেঁচা নিমপাতৰ ৰস পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত খোৱাৰ অভ্যাস কৰিলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ উপৰি ভাইৰাছজনিত অসুখৰ পৰা হাত সাৰি থাকিব পাৰি৷

[৫] বহুতৰে বেঙেনা ভাজিৰ সৈতে নিমপাত মিহলাই খোৱাৰ অভ্যাস আছে৷ সাধাৰণতে নিমপাত তিতাগুণৰ বাবে বহুতেই খাবলৈ অসুবিধা পাই যদিও বিভিন্ন ব্যঞ্জন যেনে– ৰঙালাও গুটি, বাদাম ভাজা আদিৰ সৈতে নিমপাত ভাজি খাব পাৰে৷ এইদৰে বিভিন্ন ব্যঞ্জনৰ উপৰি নিমপাতৰ চাটনি কৰিও খাব পাৰি৷

[৬] খালী পেটত কেতিয়াও নিমপাত বা তাৰ ৰস খাব নালাগে৷ বিশেষকৈ এচিডিটিৰ সমস্যা থাকিলে নিমপাত খোৱাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত৷

[৭] কেন্সাৰ ৰোগ প্ৰতিৰোধৰ উপৰি নিমপাত খালে কৃমি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

[৮] নিমপাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷

[৯] জণ্ডিছ আৰু বহুমুত্ৰ ৰোগত নিমপাতৰ ৰস খালে সুফল পোৱা যায়৷

[১০] মহানিমৰ পাত সিজাই চেঁচা হ’লে ইয়াৰে মূৰ ধুলে উফি নাইকিয়া হয়৷

[১১] সকলো প্ৰকাৰৰ জ্বৰ-কাহ, কঁফ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ মহানিমৰ ব্যঞ্জন খোৱা উচিত৷

[১২] নিমতেল গাত ঘঁহিলে ছালৰ বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

You May Also Like

More From Author