হৃদযন্ত্ৰৰ ধমনী বা আর্টাৰিৰ বেৰৰ সংকোচন-প্ৰসাৰৰ এটা নিৰ্দিষ্ট ছন্দ থাকে। নির্দিষ্ট মাত্ৰাৰে এই ছন্দ চলি থাকে বাবে বিষয়টোক লৈ বিশেষ গুৰুত্ব প্ৰদান কৰা নহয়।
এই প্ৰক্ৰিয়াত যদি ব্যাঘাত জন্মে তেতিয়া ধমনীৰ মাজত থকা বিষ গ্ৰাহকসমূহ উদ্দীপ্ত হয়। এই উদ্দীপনা কেন্দ্ৰীয় মস্তিষ্কই লাভ কৰে।
ফলত ধমনীৰ মাজত ৰক্তচাপ বৃদ্ধিৰ লগে লগে কেন্দ্ৰীয় মস্তিষ্কৰ আভ্যন্তৰীণ চাপো বৃদ্ধি হ’বলৈ ধৰে। মস্তিষ্কৰ আৱৰক পৰ্দা বা মেনিনজেছত চাপ পৰিলেই বিষ আৰম্ভ হয়।
ৰক্তচাপৰ বাবে হোৱা মূৰৰ বিষ সাধাৰণতে মস্তিষ্কৰ পাছৰ ফালে হয়। এই বিষ কেতিয়াবা বৃদ্ধি পায়, কেতিয়াবা কমে আৰু কেতিয়াবা একেবাৰে নগণ্য থাকে।
এনে হলে মূৰৰ বিষৰ সমান্তৰালভাৱে আন কিছুমান উপসৰ্গয়ো দেখা দিয়ে৷ মূৰৰ বিষৰ লগে লগে মূৰ ঘূৰোৱা, কাণত ঝিন্ ঝিন্ শব্দ হোৱা, বেছিকৈ শৰীৰৰ পৰা ঘাম ওলোৱা ইত্যাদি হয়।
সেইবাবে ৰক্তচাপৰ সমস্যাত আক্ৰান্তসকলে মূৰৰ বিষ হ’লে বিষয়টো অৱহেলা নকৰি চিকিৎসকৰ স’তে আলোচনা কৰা উচিত।
আধুনিক জীৱন-যাপনত প্ৰায়ভাগ লোক ব্যস্ত। কোনোৱে ভালদৰে জিৰণি লৈ এসাঁজ খাবলৈ সময় নাই বুলি ক’লেও ভুল কৰা নহ’ব৷ দিনটোৰ বেছিভাগ সময়ে কামৰ চাপৰ মাজত থাকিবলগীয়া হয়।
এইদৰে দিনটোৰ পাছৰ ফালে মূৰটো গধুৰ অনুভৱ কৰাৰ লগতে বিষাবলৈ ধৰে। সিমানেই চাপ বৃদ্ধি পায় সিমানেই মূৰৰ বিষৰ তীব্রতাও বৃদ্ধি হয়।