নিউজ ব্যুৰ’,নগাঁও,১১জুন:–মধ্য অসমৰ প্ৰায় ৩৫০ বছৰীয়া পুৰাতন ভক্তপ্ৰাণ ৰাইজৰ ভক্তিৰ স্থলীৰূপে পৰিচিত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ উনত্ৰিংশত্তম বাৰ্ষিক সেৱা “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন” মহোৎসৱটি চলিত বৰ্ষতো উদযাপন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে । এই উপলক্ষে থানখনিৰ স্থায়ী কাৰ্যালয় ভৱনত শনিবাৰে এখনি সভা অনুষ্ঠিত হয় । সভাত সৰ্বসন্মতি মৰ্মে অহা ২৯ আৰু ৩০ জুলাই(১২ আৰু ১৩ শাওন, শনি আৰু ৰবিবাৰ)ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহোৎসৱভাগ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় । চলিত বৰ্ষৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা (২৯ জুলাই,শনিবাৰে)পুৱা পৰিৱেশ নিকাকৰণ,মণিকূটত বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন,স্মৃতি তৰ্পণ,খোল- নাম প্ৰসঙ্গ,গৰখীয়া সকলৰ নাম আৰু ভাগৱত পাঠ অনুষ্ঠিত হ’ব । দ্বিতীয় দিনা (৩০ জুলাই,ৰবিবাৰে) ভক্তপ্ৰাণ সেৱকী সকলে আগবঢ়োৱা শৰাই উৰ্চগা,খোল- নাম প্ৰসংগ,আপ্যায়ন,মহানাম আৰম্ভ, প্ৰসাদ বিতৰণ আৰু সমূহীয়া ঘোষাৰে অনুষ্ঠানৰ সামৰণি মৰা হ’ব । সাৰ্বজনীন গৰখীয়া থান,জামুগুৰিৰ পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত থান পৰিচালনা সমিতিৰ সম্পাদক পোৱাল চন্দ্ৰ নাথ,উপ-সভাপতি মহীন্দ্ৰ মহন্ত, জয়কান্ত শইকীয়া,টঙ্কেশ্বৰ নাথ,গম্ভীৰ নাথকে ধৰি কেইবাগৰাকী বক্তাই বক্তব্য ৰাখে । উৎসৱ উদযাপন সমিতিৰ সম্পাদক অনিল চন্দ্ৰ নাথে চলিত বৰ্ষৰ উৎসৱ ভাগত অসমৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে । উল্লেখ যোগ্য যে সাব্জনীন গৰখীয়া থানত প্ৰতিবছৰে শাওন মাহ (জুলাই)ত “গৰখীয়া সৱাহ আৰু শৰাই এদিন” আৰু ফাগুন মাহ (মাৰ্চ)ত “দৌলোৎসৱ” বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আহিছে । শতিকা প্ৰাচীন এই থানখনিৰ এই দুয়োটা কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত-দৰ্শনাৰ্থী ৰাইজৰ সমাগম হয় । আজিৰ পৰা প্ৰায় ৩৫০ বছৰ পূৰ্বে কেইজনমান গৰখীয়া ল’ৰাই গৰু চৰাই থাকোঁতে হেৰাই পাইছিল এটি পিতলৰ বংশী গোপালৰ মূৰ্তি । মূৰ্তি হেৰাই পোৱা স্থানতেই প্ৰতিষ্ঠা কৰা হৈছে সাৰ্বজনীন গৰখীয়া থানখনি । মহিমামণ্ডিত থানখনিত নিঃসন্তান কোনো লোকে শৰাই আগবঢ়ালে মনৰ অভিপ্সা পূৰণ হয় বুলি এক জনবিশ্বাস আছে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও