নিউজ ব্যুৰ’,নগাঁও,১০জুন:–কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা নগাওঁ জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী পেটবঢ়াৰ ধেমাজীৰ দুজন যুৱক যোৱা ৫ জুনৰ পৰা নিৰুদ্দেশ হৈ থকাৰ বাতৰিয়ে অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিৰুদ্দেশ হৈ থকা যুৱক দুজন হৈছে নাৰায়ণ শইকীয়া আৰু প্ৰাঞ্জল বৰদলৈ । প্ৰাপ্ত বাতৰি মতে ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ধেমাজিৰ যুৱকদ্বয়ে মৰিগাঁৱৰ লাউভোঙাৰ গোপাল পাটৰ নামৰ এজন ঠিকাদাৰৰ লগত ২ জুনত বাংগালোৰ অভিমুখে যাত্ৰা কৰিছিল কৰ্মসংস্থাপনৰ বাবে ৷ কিন্তু ৰেলেৰে গৈ থকা অৱস্থাতে নাৰায়ণ শইকীয়াই অন্ধ প্ৰদেশৰ বিজয়ানগৰম নামৰ ষ্টেচনৰ পৰাই নিৰুদ্দেশ হয় । অন্ধ প্ৰদেশৰ বিজয়ানগৰম ষ্টেচনৰ পৰা নাৰায়ণ শইকীয়া নিৰুদ্দেশ হোৱাত নাৰায়ণ শইকীয়াক বিচাৰি প্ৰাঞ্জল বৰদলৈ আৰু ৰাজীৱ বৰদলৈৰ লগতে আন দুজন যুৱকে ট্ৰেইনৰ পৰা নামি বিচাৰ খোচাৰ কৰে যদিও নাৰায়ণ শইকীয়াক বিচাৰি নাপাই অন্য এখন ট্ৰেইনেৰে নাৰায়ণ শইকীয়া আৰু আনসকল যুৱক ভুলবশতঃ কৰ্ণাটক অভিমুখে যাত্ৰা কৰে । যাত্ৰা কৰি গৈ থকা অৱস্থাতে প্ৰাঞ্জল বৰদলৈ কৰ্ণাটকৰ নন্দীৰাম নামৰ ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় ৷ যুৱকদ্বয়ৰ নিৰুদ্দেশৰ বাতৰি পৰিয়াল দুটাই লাভ কৰাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়াল দুটাত। ইতিমধ্যে দুয়োজনৰে পৰিয়ালৰ লোকে ৰহা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বাতৰি লিখা পৰ্যন্ত কোনো খবৰ পোৱা নাই নাৰায়ণ শইকীয়া আৰু প্ৰাঞ্জল বৰদলৈৰ । কোনো লোকে যুৱকদ্বয়ৰ সন্ধান পালে ৯৮৫৯৭৭৫২৫২ নম্বৰত যোগাযোগ কৰিবলে পৰিয়ালৰ লোকে আহ্বান জনাইছে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও