খোজকাঢ়ি কেডাৰনাথলৈ যাত্ৰা কৰা নগাঁওৰ যুৱকক ৰঙিয়াত উষ্ম আদৰণি…

0 min read

ৰঙিয়াত সম্প্ৰতিৰ নিদৰ্শন । খোজ কাঢ়ি কেডাৰনাথলৈ যাত্ৰা কৰা যুৱকক মুছলমান ধৰ্মাৱলম্বী ৰাইজৰ উষ্ম আদৰণি । নগাঁৱৰ জে এন বি ৰোডৰ পাপ্পু পাটেল (৩১) য়ে সুদূৰ কেডাৰনাথলৈ খোজকাঢ়ি যি দুঃসাহসিক যাত্ৰা আৰম্ভ কৰাত উৎসাহিত হৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলে উষ্ম আদৰণি জনায় ।

লগতে চৰবত, ফল খাবলৈ দি উৎসাহ যোগায় । উল্লেখ্য যে যোৱা ১৯ জুনত টকা অবিহনে কেডাৰনাথলৈ যাত্ৰা আৰম্ভ কৰিছিল নগাঁৱৰ যুৱকজনে । পেডেল যাত্ৰা বুলি নামকৰন কৰিছে কেদাৰনাথ ধামলৈ যোৱা এই যাত্ৰাৰ । প্ৰায় ২০ কেজি ওজনৰ বেগ পিঠত লৈ সকলোৰে মঙ্গল বিচাৰি কেডাৰনাথলৈ যাত্ৰা কৰিছে । যদিহে মনত সাহস, বিশ্বাস আৰু ইচ্ছা শক্তি থাকে তেন্তে ২৮ শ কিলোমিটাৰৰ এই যাত্ৰা কৰিব পাৰিব বুলি মন্তব্য কৰে পাপ্পু পাটেলে ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান

You May Also Like

More From Author